ঠিকনা – লখিমী শৰ্মা

Pc istock
ঠিকনা 
লখিমী শৰ্মা
যোৰহাট
উন্মুক্ত আকাশত আজি
উৰিছে সেই চৰাইজাক ,
ব্যাকুলতাৰে আৱৰি ৰখা
হিয়াই বিচাৰি ফুৰিছে মাথোঁ
আজি তোমাৰ সঠিক ঠিকনা ,
অধিক আগ্ৰহেৰে
বাট চাই আছোঁ মই ,
উজুতি খোৱা খলা – বমা বাটত
বাৰে বাৰে তোমালৈ মনত পেলাই ,
তোমাৰ হাতত হাত ধৰি
আগুৱাই  যাব খোজোঁ ,
তোমাৰ সংগী হৈ আজীৱন !
 আকাশত উৰি ফুৰা
 সেই উন্মুক্ত চৰাইজাকৰ দৰে ।
জীৱনৰ গতি লক্ষ্যভ্ৰষ্ট হৈছিল
কিন্তু তুমি আহি মোৰ জীৱনলৈ ,
খন্তেকতে নোহোৱা কৰিলা
সেই দুখৰ সমাহাৰ !
অৱশেষত গৈ থৈ পালোঁ মই
 তোমাৰ সঠিক ঠিকনা ,
আৰু তোমাৰ হৈ
ৰ’লো মই চিৰজীৱন
উকা কপালত তোমাৰ নামৰ
সেন্দুৰ লৈ আজীৱন ।।