ঠাণ্ডাৰ কোপত গোট মাৰি বৰফ হোৱাৰ উপক্ৰম ছাত্ৰ -ছাত্ৰীসকল – সুনম বিশ্বাস

PC - Wallpapers.com
ঠাণ্ডাৰ কোপত গোট মাৰি বৰফ হোৱাৰ উপক্ৰম ছাত্ৰ -ছাত্ৰীসকল
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
গোটেই পৃথিৱীতে বৰ্তমান প্ৰচণ্ড ঠাণ্ডাই ছানি ধৰিছে, এই হাড়-কঁপোৱা শীতত ঘৰৰ পৰা ওলোৱা কঠিন হৈ পৰিছে। দৈনিক তাপমাত্রা প্রায় ১০ চেন্টিগ্ৰেডতকৈ অৰ্ধলৈ গতি কৰিছে। ডেকা-বৃদ্ধ সকলোৱে ভুগিছে ঠাণ্ডাত। মকৰ সংক্ৰান্তিৰ আগে আগে  প্ৰবল ঠাণ্ডাত নানান সমস্যাই  দেখা দিয়ে। তাৰ ভিতৰত উল্লেখযোগ্য  সমস্যাটো হ’ল ঘন কুঁৱলীৰ অন্ধকাৰাচ্ছন্ন আৱৰণখন গুচাই কিতাপৰ বোজা পিঠিত লৈ  বিদ্যালয়নৈ যোৱাটো  কঠিন হৈ পৰে।নিতান্ত,পিচপৰা, গ্ৰাম্যাঞ্চলত বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ ছাত্র-ছাত্রীয়ে উপযুক্ত ঠাণ্ডাৰ পোছাকৰ অভাৱত থৰথৰাই কঁপে। গোট মাৰি বৰফ হৈ যায় তেওঁলোকৰ  ভৰিকেইখন। বুকুখন আৰ্তনাদ কৰি উঠে, যেতিয়া কণ কণ শিশুৰ ভৰিত জোতা- মোজা বাদেই চেণ্ডেল এযোৰো দেখিবলৈ পোৱা নাযায়। এক অবুজ বেদনা জাগি উঠে। আঙুলিকেইটা কাশ্মীৰৰ শুভ্ৰ বৰফৰ টুকুৰালৈ পৰিণত হয়।অভিভাৱকসকলৰ সৈতে মিটিংত বহিলে গম পোৱা যায়,  দৈনদিন জীৱনটো কটাবলৈ কিমান সংঘৰ্ষ কৰিবলগীয়া হয় । পানীত হাঁহ নচৰা অৱস্থা।অহৰ্নিশে ইটা ভাটাবোৰত কাম কৰি পৰিয়াটোৰ কোনোমতে আপডাল কৰি আছে।সহায়তাৰ হাতখন আগবঢ়াই দিওঁ বুলিও নোৱাৰো, হাৰি যাওঁ বহু ক্ষেত্রত পৰিস্থিতিৰ আগত !
শিক্ষাবিভাগে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক বহুক্ষেত্ৰতেই সা-সুবিধা প্ৰদান কৰিছে,  মধ্যাহ্ন ভোজনৰ পৰা আদি কৰি  বিনামূলীয়াকৈ  কিতাপ-বহী, গণপৰিধান ইত্যাদিৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ শিক্ষণ সমলসমূহ, খেলৰ সামগ্ৰীবোৰ প্ৰদান কৰিছে। গৰমৰ পৰা কিছু সকাহ পোৱাৰ বাবে গ্ৰীষ্ম বন্ধও প্ৰদান  কৰিছে।তাৰোপৰি কিছু ক্ষেত্রত যেন ছুৱেটাৰ, জোতা- মোজাৰ প্ৰয়োজনীয়তা আহি পৰে।অন্তঃত প্রাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকল বাবে। গঠিকে, চৰকাৰলৈ বিশেষ অনুৰোধ এই নিষ্পাপ কণ কণ ছাত্র-ছাত্রীকেইটাক ঠাণ্ডাৰ পৰা কিছু সকাহ পাবলৈ কিছুদিনৰ বাবে শীতকালীন বন্ধ দিয়াৰ এক পৰিকল্পনা কৰে যেন ।ডিচেম্বৰ- জানুৱাৰীত শীতৰ প্ৰকোপ বহুত বেছি হয় । অন্যান্য বৰ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহত ইতিমধ্যেই শীতৰ বন্ধ ঘোষণা কৰিছে।