ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ বৰ্মনক কাৰাগাৰৰ ভিতৰত আক্ৰমণ

ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ বৰ্মনক কাৰাগাৰৰ ভিতৰত আক্ৰমণ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কাৰাগাৰৰ ভিতৰতেই ট্ৰেডিং কেলেংকাৰীৰ খলনায়ক দীপাংকৰ বৰ্মনক আক্ৰমণ। আন এগৰাকী কয়দীয়ে কাৰাগাৰৰ ভিতৰতে দীপাংকৰ বৰ্মনক ছুৰিকাঘাত কৰে। কাৰাগাৰৰ ভিতৰত খোজকাঢ়ি থাকোঁতেই আক্ৰমণৰ সন্মুখীন হয় দীপাংকৰ। বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে দীপাংকৰ বৰ্মন। উল্লেখ্য যে অসমৰ বহু কোটি টকাৰ অনলাইন ট্রেডিং কেলেংকাৰিৰ মুখ্য অভিযুক্ত দীপাংকৰ বৰ্মনক গোৱাৰ পানাজীত অসম পুলিচে গ্ৰেপ্তাৰ কৰিছিল। তেওঁ ডিবি ষ্টক ব্ৰ’কিঙৰ মালিক আছিল। উল্লেখ্য তেওঁৰ বাসভৱনত পুলিচে প্রায় ২৭ লাখ টকাৰ নোট আৰু সোণৰ গহনা জব্দ কৰিছিল। স্মর্তব্য যে বিনিয়োগকাৰীৰ অভিযোগ আছিল যে তেওঁলোকে উচ্চ মুনাফাৰ লোভ দেখুওৱা বৰ্মনৰ কোম্পানীত বিপুল পৰিমাণ ধন বিনিয়োগ কৰিছিল, কিন্তু মুনাফা দিয়া নাছিল। দীপাংকৰৰ প্ৰায় ৭,০০০ কোটি টকা কেলেংকাৰি আছিল।