ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল-তাৰ্কিক-স্বপ্ননীলৰ জামিন মঞ্জুৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দীৰ্ঘদিন ধৰি কাৰাগাৰত থকাৰ পাছত মঙলবাৰে জামিন লাভ কৰে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত বিশাল ফুকন, তাৰ্কিক বৰা আৰু স্বপ্ননীল দাসে। গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰি এই তিনিওজনৰে জামিন মঞ্জুৰ কৰে। ইয়াৰ বিপৰীতে অনলাইন ট্ৰেডিং কেলেংকাৰীৰ অন্যতম অভিযুক্ত চুমি বৰাৰ জামিন আবেদন নাকচ কৰে ন্যায়ালয়ে। এই আটাইকেইজন বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছে।