ট্ৰেইন- নুৰ ইছলাম ক্বাদৰী, মাদাৰপুৰ, চিৰাং

p.c-tamil nadu tourism

ট্ৰেইন

কিছু সময় আগতে গতি কৰিলে ট্ৰেইনখন

বহি আছোঁ আজিও একেটা প্লেটফৰ্মত

তুমি আৰু মই,

ঠিক সিদিনাৰ দৰেই।

হয় সিদিনাৰ দৰেই

পুৱা কাউৰীদুটাই নিয়ৰসনা পানীত গা ধুইছে,

যাত্ৰীৰ আগমনৰ পূৰ্বে

দুহাতত ওৱাইপাৰ লৈ চাফাইকৰ্মীৰ

দৌৰা-দৌৰিকৈ কামত

যেন অত্যন্ত ব্যস্ততা।

বহুদিন হ’ল!!

তোমাৰ কোমল হাতৰ পৰশ খামুচি

লক্ষ্যস্থানলৈ খোজ কঢ়া,

যেন লাগে নিৰাপদে !

আজিও বিয়পি আহিছে তোমাৰ সৈতে

পাৰ কৰা চাহকাপৰ সুগন্ধি,

ঠিক সিদিনাৰ দৰেই

মুখা-মুখীৰ দুটা পিয়লা।

বিশুদ্ধতাৰ উদ্দেশ্যত ঠেলি পেলোৱা

অপৰিস্কৃত আৱৰ্জনাবোৰ

যেন জীৱন-মৰণৰ একুঁৰি যুঁজ,

ঠেলা-হেঁচাৰ অন্যমনস্কতাত

তোমাৰ আপোনপাহৰা খিলখিলনি।

হঠাৎ

তোমাৰ কাষেৰেই পাৰ হৈ যোৱা ট্ৰেইনখন!

বাৰে বাৰে বিচাৰিছোঁ সিদিনা হেৰুওৱা

তোমাৰ নিৰাপদ হাতখন।।