ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত জ্বলি উঠিল বাছ

Pc NDTV India

ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত জ্বলি উঠিল বাছ

ৰঙিলী বাৰ্ত্তাসেৱা- বৰদিনক লৈ ব্যাপক উছাহৰ মাজতে কৰ্ণাটকত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পুৱতি নিশাৰ এই ভয়াৱহ সংঘৰ্ষত ১০ জনতকৈও অধিক লোকে প্রাণ হেৰুৱায়।লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে হয়। আহত আটাইকেইজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। বুধবাৰে নিশা কৰ্ণাটকত এখন যাত্রীবাহী বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ পিছতে দাউদাউকৈ জ্বলি উঠে বাছখন। বিপৰীত দিশৰ পৰা অহা ট্রাকখনে শ্লিপাৰ বাছখনত খুন্দা মৰাৰ ফলত দুর্ঘটনাটো সংঘটিত হয়। এই ভয়াৱহ দুর্ঘটনাত অগ্নিদগ্ধ হৈ ১০ জনতকৈও অধিক লোকেৰ মৃত্যু হৈছে। দুৰ্ঘটনাটোত ট্রাকখনৰ চালকেও প্রাণ হেৰুৱায়। লগতে বহু যাত্রী গুৰুতৰভাৱে আহত হৈছে। ঘটনা সংঘটিত হোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনির্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু অগ্নি নির্বাপণ কাৰ্য আৰম্ভ কৰে। দীঘলীয়া প্ৰচেষ্টাৰ অন্তত অগ্নি নিয়ন্ত্রণলৈ অনা হয়।

Pc Kannada News
Pc Kannada News

জানিব পৰা মতে, বাছখন বেংগালুৰুৰ পৰা শিৱমোগালৈ যাত্রা কৰিছিল। নিশা প্রায় ২ বাজি ৩০ মিনিটত কৰ্ণাটকৰ চিত্ৰদুর্গা জিলাৰ ৪৮নং ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘর্ষ হয় বাছখনৰ। সংঘৰ্ষৰ পিছতেই বাছখনত অগ্নিকাণ্ড সংঘটিত হয়। বিকট শব্দ শুনি স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ কাৰ্যত সহযোগিতা আগবঢ়ায়। আৰক্ষী সূত্ৰই জনোৱা মতে, বাছখনত মুঠ ৩২গৰাকী যাত্রী আছিল আৰু দুৰ্ঘটনাৰ সময়ত প্রায় সকলোৱে টোপনিত আছিল। হঠাত সংঘটিত এই মর্মান্তিক দুর্ঘটনাই বহু লোকক হতবাক কৰি তোলে। ৰবীকান্ত গৌড়াই জনোৱা মতে, ট্রাকখনে প্রথমে ডিভাইডাৰত খুন্দা মাৰে আৰু তাৰ পিছতেই বাছখনৰ সৈতে সংঘর্ষ হয়।ইফালে, এই ভয়াৱহ দুর্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। সামাজিক মাধ্যম ‘এক্স’ত প্রধানমন্ত্ৰীগৰাকীয়ে লিখিছে- “কৰ্ণাটকৰ এই দুর্ঘটনা হৃদয়বিদাৰক। নিহতসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি মোৰ গভীৰ সমবেদনা। আহতসকলে সোনকালে আৰোগ্য লাভ কৰক।” লগতে নিহত প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ আর্থিক সাহায্য আগবঢ়োৱাৰ ঘোষণা কৰা হৈছে।