ট্রাম্পক পুনৰ সকীয়নি পুটিনৰ 

ট্রাম্পক পুনৰ সকীয়নি পুটিনৰ 

ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকাই শুল্ক বোমাৰে ভাৰত আৰু চীনক চাপত ৰাখিব বিচৰা কার্যত মুকলি ক্ষোভ প্ৰকাশ কৰিছে ৰাছিয়াই। এচিঅ’ সন্মিলনৰ বাবে চীনত উপস্থিত হোৱা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ভাৰত আৰু চীনৰ কাষত থিয় হৈ মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পক দেশ দুখনৰ ওপৰত দমনমূলক আচৰণ নকৰিবলৈ সকীয়নি দিয়ে। সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত তেওঁ কয়, ট্রাম্প প্রশাসনে অর্থনৈতিক হেঁচা বৃদ্ধি কৰি এছিয়াৰ দুই বৃহৎ শক্তিক দমন কৰিবলৈ চেষ্টা চলাইছে। এই কার্য কেতিয়াও গ্রহণযোগ্য নহয়। ভাৰত আৰু চীনক ৰাছিয়াৰ অংশীদাৰ বুলি অভিহিত কৰি পুটিনে কয় যে আমেৰিকাই দুয়োখন দেশৰ নেতৃত্বক দুৰ্বল কৰাৰ চেষ্টা কৰিছে। ঔপনিৱেশিকতাক লৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ট্রাম্পক কটাক্ষ কৰে। তেওঁ কয়- ভাৰতৰ জনসংখ্যা ১৫০ কোটি। চীন এখন শক্তিশালী অৰ্থনীতিৰ দেশ। ইয়াৰ বৃহৎ জনসংখ্যাই নহয়, বৰঞ্চ নিজা ৰাজনৈতিক ব্যৱস্থা আৰু আইন আছে। ভাৰত আৰু চীন সন্দৰ্ভতো ৰাষ্ট্ৰপতি পুটিনে কয় যে দেশ দুখনে ইতিহাসত বহু কঠিন সময় দেখিছে। বিশেষকৈ ঔপনিৱেশিকতাৰ প্ৰসংগ উত্থাপন কৰি পুটিনে ৱাশ্বিংটনক সোঁৱৰাই দিয়ে যে ইতিমধ্যে ঔপনিৱেশিকতা যুগৰ অন্ত পৰিছে। সেয়েহে ভাৰত আৰু চীনৰ লগত এনেদৰে কথা পাতিব নোৱাৰি আমেৰিকাই বুজিব লাগিব যে ভাৰত আৰু চীনৰ অৱস্থা পূৰ্বৰ দৰে নহয়। শেহতীয়া কাম-কাজেও এই কথা প্রতিপন্ন কৰিছে। উল্লেখ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে ৰাছিয়াৰ পৰা তেল আমদানি কৰাৰ অচিলাৰে ভাৰতৰ ওপৰত ৫০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰে। এই শুল্ক বোজাৰ পিছতো ভাৰতে বাণিজ্যৰ বিকল্প পথ বিচাৰিছিল। দেশখনে ৰাছিয়াৰ সৈতে অধিক বাণিজ্যৰ লগতে চীনৰ সৈতে ইয়াৰ ঘনিষ্ঠতাও বৃদ্ধি কৰিছে। শেহতীয়াকৈ চীনৰ টিয়ানঝিনত অনুষ্ঠিত এচিঅ’ সম্মিলনৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ ত্ৰিপাক্ষিক বৈঠকে কাৰ্যতঃ ট্রাম্পক এক সকীয়নি বার্তা দিলে।