টোল কৰ কেলেংকাৰীৰ অভিযোগত চিবিআই তদন্তৰ দাবী কৰিছে দিল্লীৰ উপ মুখ্যমন্ত্ৰীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনালৈ পত্ৰ লিখি দিল্লী পৌৰ নিগমত (এমচিডি) ৬,০০০ কোটি টকা মূল্যৰ টোল কৰ কেলেংকাৰীৰ অভিযোগত চিবিআই তদন্তৰ দাবী জনাইছে।আপৰ বিধায়ক দুৰ্গেশ পাঠকে দাবী কৰা মতে দৈনিক প্ৰায় ১০ লাখ বাণিজ্যিক বাহনৰ পৰা কৰ সংগ্ৰহ কৰা হয় যদিও ই এম চি ডিত নাপায়।