টোলকৰ, বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম তৃণমূল কংগ্ৰেছৰ দিছপুৰ চলো কাৰ্যসূচী স্তব্ধ কৰিবলৈ গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত অসম আৰক্ষীৰ দমনমূলক নীতিক ধিক্কাৰ দিছে দলৰ সভাপতি ৰিপুণ বৰাই।টোলকৰ, বিদ্যুৎ মাচুল, পৌৰকৰ বৃদ্ধি আৰু ঔষধকে ধৰি সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত উলিওৱা ‘দিছপুৰ চলো’ কাৰ্যসূচী স্তব্ধ কৰিবলৈ জপিয়াই পৰিল অসম আৰক্ষী৷গুৱাহাটীৰ জয়ানগৰস্হিত ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ পৰা দলৰ নেতা-কৰ্মীসকলে হাতে হাতে বেনাৰ-প’ষ্টাৰ লৈ দিছপুৰ চলো কাৰ্যসূচী আৰম্ভ কৰাৰ মুহূৰ্ততে পূৰ্বৰে পৰা সষ্টম হৈ থকা আৰক্ষীৰ এটা বৃহৎ দল জপিয়াই পৰে৷প্ৰতিবাদকাৰীসকলে ‘পৌৰকৰ বৃদ্ধি বাতিল কৰক’, ‘ঔষধৰ মূল্যবৃদ্ধি বাতিল কৰক’, ‘টোলগেটৰ কৰ বৃদ্ধি বাতিল কৰক’, ‘জনবিৰোধী বিজেপি চৰকাৰ হায় হায়’, ‘ড° হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ’, ‘জনতাক শোষণ কৰা নচলিব’, ‘জনবিৰোধী সিদ্ধান্ত বাতিল কৰক’, ‘মূল্যবৃদ্ধিৰে জনতাক মাধমাৰ শোধোৱা নচলিব’ আদি শ্ল’গানেৰে চৌদিশ কঁপাই তোলে। লগে লগে আৰক্ষীৰ দলটোৱে সভাপতি ৰিপুণ বৰাকে ধৰি প্ৰতিবাদকাৰীসকলক টানি-চোচৰাই আটক কৰি চচলত থকা ডেজিগনেটেড প্ৰতিবাদস্হলীলৈ লৈ যায়। চচলত গৈও তৃণমূল কংগ্ৰেছৰ নেতা-কৰ্মীসকলে মূল্যবৃদ্ধি হ্ৰাসৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখে।সভাপতি ৰিপুণ বৰাই অহংকাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মূৰত ধৰা বুলি সমালোচনা কৰি ৰাইজৰ প্ৰতিবাদৰ ভাষা শুনিব নোখোজা ফেচিবাদী চৰকাৰখনক ৰাইজে ওফোৰাব বুলি সকীয়াই দিয়ে। পূৰ্বে অসম তৃণমূল কংগ্ৰেছে বিভিন্ন কৰ বৃদ্ধি আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি হ্ৰাস কৰাৰ বাবে স্মাৰক পত্ৰ প্ৰদানৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাত পুনৰ শোষিত ৰাইজৰ সৈতে সমমৰ্মিতা প্ৰকাশৰ বাবে ওলাই অহাৰ কথা সদৰি কৰে।