টোকোৰা চৰাই  –  ৰিভান আবুল 

Pc অসমীয়া ৱিকিপিডিয়া- Wikipedia

টোকোৰা চৰাই 

  ৰিভান আবুল 
মোৰ আক্ৰমণাত্মক ভাব দেখি
তাই উৰা মাৰিলে
উৰি আছিল আৰু উৰি থাকিল
নিজুম পথাৰৰ নীৰৱতা ভাঙি
উৰি গুচি গ’ল
মোৰ অজান্তেই তাইৰ পিছে পিছে উৰি গ’ল
মোৰ অন্তৰাত্মা
বহু চেষ্টাৰ পিছতো
মই ধৰি ৰাখিব নোৱাৰিলো তাইক
শেষ হৈ গ’ল এটা যুগ
আজি আৰু নাই
মটিয়া ৰঙৰ চোলা পিন্ধা
কৃষকৰ বন্ধুজনীও
খেজুৰজোপাত ঘৰ সজা আৰু
জাকপতি ফুৰা সৈনিকবোৰো
এয়া যেন অভিশপ্ত এক নতুন যুগ