টোকোনা
ৰূপালী গগৈ চুতীয়া
ডিব্ৰুগড়
হৃদয় খন আঁতৰাই থওঁ
তোমাক দিবলৈ যে
একোৱেই নাই
সকলো নিলামত গ’ল
সপোনবোৰ থমকি ৰ’ল
টোকোনা পঁজা মোৰ
বাৰিষা বৰষুণৰ টোপালত
সোণালী সপোন ৰচো।
নিশা তৰাৰ লগত কথা পাতো
অনুভৱৰ দলিচাত কবিতা লিখোঁ
প্ৰেম আৰু প্ৰেৰণাৰ
আকুলতাত হিচাপ কৰোঁ
তোমাৰ মৰমবোৰ বাৰু
এতিয়া ক’ত সাচোঁ।
বিপাঙত পৰিছো জানা
তোমাৰ অসীম হেঁপাহবোৰৰ
নাম কি ৰাখোঁ
প্ৰেম নে ভালপোৱা
নিজেই নাজানো,
তোমাৰ মোৰ মৰমৰ নাম
কি নামেৰে নামাকৰণ কৰোঁ
এই গধূৰ দায়িত্ব
বহুতো আশাৰে তোমাক দিলোঁ
টোকোনা হৃদয়ৰ ঠিকনা
আজিৰ পৰা তোমাক যাচিলো ৷৷