টেবু- মইনুল হক

Pc Times of India
টেবু
মইনুল হক
লোক কলা-কৃষ্টিৰ গৱেষণাত ‘টেবু’ (Taboo) এটা গুৰুত্বপূৰ্ণ উপাদান । ই এটা পলিনেচীয় শব্দ। ‘টেবু’ শব্দৰ মূল তাৎপৰ্য  ‘নিষিদ্ধ’ অসমৰ দেশী মুছলমান সমাজত তেনে বহু লোকবিশ্বাস অতীজৰে পৰা প্ৰচলিত। অৱশ্যে এই বিশ্বাস সমূহৰ সৈতে বৈজ্ঞানিক ভিত্তি জড়িত থকাৰ লগতে সমাজ  তথা দৈনন্দিন জীৱন সু-শৃংখল বিপদহীন  ভাবে চলাই নিয়াত বিশ্বাস সমূহ খুবেই উপযোগী। গতিকে সেই বিশ্বাস সমূহ  অন্ধ বিশ্বাস আছিল বুলি কোনোপধ্যেই কব নোৱাৰি।
যেনেঃ
(ক) ৰাতি বেজী-সূতাৰে চিলাই কৰা নিষেধ,কৰিলে শৰীৰত ঘাঁ হয়। আঁৰৰ কথা- এই নিষিদ্ধ বাণীবোৰ আজিৰ নহয় সেয়া বহু আগৰ, তেতিয়াৰ কালত আজিৰ দৰে বিজুলী বাতি দূৰৰ কথা বেছি ভাগ ঘৰতেই হাৰিকেন পৰ্যন্ত নাছিল কুপি (মাটিৰ তৈয়াৰী)বাতিয়েই আছিল একমাত্ৰ আলোৰ উৎস ,তেনে ঢিমিক ধামাক পোহৰত বেজী লৈ কাম কৰা বৰ দিগদাৰ আছিল তাতকৈ ডাঙৰ কথা হল চিলাই কৰোঁতে হাতৰ পৰা যদি বেজী ডাল সুলকি পৰে তাক বিচাৰি পোৱাটো খুবেই টান হৈ পৰে, বেজীডাল মাটিতে পৰিল নে বিছনাতে পৰিল তাক বিচাৰি নাপালে ভৰিত বিন্ধে নে গাতে বিন্ধিব তাৰ কোনো ঠিক নাই গতিকে তেনে নহওক তাকে ৰোধ কৰিবলৈ কিবা এটা ভয় লগা বা বিপদৰ কথা কৈ তেনে কাৰ্য নকৰিবলৈ হাক দিছিল।
আচলতে ঘাঁ ছা একো নহয়।
(খ) ৰাতি গছৰ ফল বা আঞ্জা তোলা নিষেধ, ভৰিৰ বিষ হয়। সেই একে কাৰণ, কাৰণ ৰাতিৰ অন্ধকাৰত বাৰীৰ আঞ্জা চিঙিবলৈ যাওঁতে বা    গছৰ ফল জঙ্গলতে পৰে নে খালতে পৰে কি ঠিক, শব্দৰ উৎসৰ আঁত ধৰি বিচাৰিব গলেও কাঁইটে বিন্ধে নে জোকে ধৰে  নে সাপে কামোৰে কি ঠিক সেয়ে ৰাতি তেনে কাম নকৰিবলৈ হাক দিছিল। ভৰিৰ বিষ হব বুলি কোনো কথা নাই।
(গ)  দুপৰীয়া খালি পেটত আৰু ফল খাই পানী খাব নাপায়, চৰ্দি জ্বৰ হয় । খনাৰ বচনতো এষাৰ কথা আছে যে- “খালি পেটে জল ভৰা পেটে ফল। অৰ্থাৎ খালি পেটত ফল খাব নাপায় , খোৱা লোৱা কৰাৰ পিছতহে ফল খোৱা উচিত “বিজ্ঞানেও সেই কথাকে কয়, আনহাতে পথাৰত কাম কৰি পিয়াহত পৰা জনক গৃহস্থই খালি পানী খাব দিয়া নাছিল,খাবলৈ একো  নাথাকিলে এ মুঠি চাউলকে দিছিল চোবাই খাই তাৰ পিছত হে পানী খাব দিছিল। চৰ্দি জ্বৰ বুলি ভয় হে দেখুৱাইছিল।
(ঘ)  হাতৰ চূণ দুৱাৰৰ চৌ কাঠত বা বেৰত মচিব নাপায়। সহোদৰ ভাইৰ মৃত্যু হয়। লোকবিশ্বাসত কথিত আছে যে পান খাই অৱশিষ্ট হাতৰ চূণ চোকাঠৰ যিমান ওপৰত মচিব, তাৰ তাৰ সৰু ভাই সিমান ওখ হৈ মৃত্যু মুখত  পৰিব। সেয়ে হাতৰ চূণ ভৰিৰ গোৰোহা বা ভৰিৰ তলিত মচিব লাগে। পিছে আচল কাৰণ টো হল এনেদৰে কিবা এটা ভয় নেদেখুৱাই হাক নিদিলে সকলোৱে যতে ততে চূণ মচি ঘৰ দুৱাৰ লেতেৰা কৰে। চাফ- চিকুনতা বজাই ৰাখিবলৈহে এনে উক্তিৰ মূল কাৰণ।
(ঙ) চোতালত খালি কলহ ,কোদাল বা বাঢ়ণী পেলাই থব নাপায়।   কথা হল, ঘৰৰ চোতালেদি ঘৰত মানুহ দুনুহ গৰু ছাগলী সৰু লৰা -ছোৱালী চলা ফিৰা কৰে ফলত এইবোৰ ভৰিত লাগি মাটিৰ পাত্ৰ ভাঙি যোৱাৰ উপৰিও ভৰি কাটি যোৱা বা চেদেলি ভেদেলি হোৱাৰ ভয় থাকে সেয়ে মানা কৰি থয়।
(চ) ঘৰৰ চৌহদত মৰা গছ থকাটো বেয়া, অমঙ্গলৰ চিন, কথা হল চৌহদত মৰা গছ থাকিলে বতাহত বা অলপ ধুমুহাতে সেই গছৰ ঠাল ভাঙি ঘৰৰ মানুহৰ গাত নতুবা ঘৰৰ চালত পৰি ক্ষতি হোৱাৰ আশংকা থাকে।
নৈ, বিল বা পুখুৰীৰ পাৰত শৌচ কৰিব নাপায়। হাগনি বেমাৰ হয়,  আচলতে তেনে কোনো বেমাৰ নহয় পিছে পানী বা বায়ু যাতে দূষিত নহয় তাৰ বাবেই এই নীতি বচন বা বিশ্বাস সমূহৰ প্ৰয়োগ কৰা দেখা যায়।
কেতিয়াবা গাঁওৰ চেঙেলীয়া ডেকাই হিংসা কৰি বা গৃহস্থক যাতনা দিয়াৰ উদ্দেশ্যে ৰাতিৰ এন্ধাৰত মনে মনে ওচৰ চুবুৰীয়াৰ কৰোবাৰ ঘৰৰ দুৱাৰ মুখত বা চোতালত হাগী থয়। এনে কাৰ্য্যক ৰোধ কৰিবলৈ এটা বিধান যে -সেই গু’ত শুকান মৰিচৰ গুড়ি ছটিয়াই দি তাৰ ওপৰত খেৰ জাপি দি পোৰা দিলে হাগোতাৰ টিকাত ঘাঁ হয়,আৰু সেই ভয়তে তেনে কাৰ্য কৰিবলৈ সহজে সাহস নকৰে।
এন্ধাৰত ভাত খোৱা নিষেধ….আদি কৰি  লোকবিশ্বাসৰ মূল লক্ষ্য আৰু উদেশ্য অতি সহজে বুজিব পাৰি।
লোকবিশ্বাসৰ কাৰণ বৈজ্ঞানিক আৰু বাস্তৱবাদী দৃষ্টি ভঙ্গীৰে বিচাৰ কৰিলে সেইবোৰে সকলো লোক সমাজৰ সামাজিক বান্ধোন, শান্তি শৃংখলা, নীতি নিয়ম , সামাজিক স্বাস্থ্য আৰু সুস্থ পৰিবেশ আদি ৰক্ষা কৰাত যথেষ্ঠ সহায়ক ।