টেনিছৰ পৰা অৱসৰ গ্ৰহণ কৰিলে ৰোহণ বোপান্নাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ২২ বছৰীয়া বিখ্যাত কেৰিয়াৰৰ অন্ত পৰিল। অৱসৰৰ কথা ঘোষণা কৰিলে ৰোহণ বোপান্নাই। শনিবাৰে সামাজিৰ মাধ্যমৰ জৰিয়তে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে। ৪৫ বছৰীয়া বোপান্নাই পেৰিছ মাষ্টাৰ্ছত অন্তিমখন প্রতিযোগিতাত ভাগ লৈছিল। দুটা দশকৰ বৰ্ণিল কেৰিয়াৰত ভাৰতৰ আগশাৰীৰ পুৰুষ টেনিছ খেলুৱৈ বোপান্নাই দুটাকৈ গ্ৰেণ্ডশ্লামৰ খিতাপ জয় কৰিছিল। ২০০০ চনৰ আৰম্ভণিতে টেনিছ খেলিবলৈ আৰম্ভ কৰা বোপান্নাই ভাৰতৰ হৈ কেইবাখনো ডেভিছ কাপ আৰু অলিম্পিকত খেলিছে। ২০১৭ চনত প্ৰথমবাৰৰ বাবে তেওঁ গ্ৰেণ্ডশ্লামৰ খিতাপ জয় কৰিছিল। ফ্রেন্স অপেনত গেব্রিয়েলা ডাব্রোস্কিৰ সৈতে মিক্সড ডাবলছৰ খিতাপ জয় কৰিছিল। ইয়াৰ পিছত ২০২৪ চনত মেথিউ এবডেনৰ সৈতে যুটী বান্ধি অষ্ট্ৰেলিয়ান অপেনৰ পুৰুষ ডাবলছৰ খিতাপ জয় কৰিছিল বোপান্নাই। ২০১৯ চনত ভাৰতৰ সৰ্বোচ্চ ক্রীড়া বঁটা অর্জুন বঁটাৰে সন্মানিত হোৱা বোপান্নাই ২০২৪ চনত পদ্মশ্রী বঁটাও লাভকৰিছিল। এবডেনৰ সৈতে অষ্ট্ৰেলিয়ান অপেনৰ পুৰুষ ডাবলছৰ খিতাপ জয় কৰি বোপান্নাই আটাইতকৈ বয়সিয়াল খেলুৱৈ হিচাপে পৰিগণিত হোৱাৰ বিপৰীতে ৪৪ বছৰ বয়সত মিয়ামি অপেন জয় কৰি মাষ্টাৰ্ছ ১০০০ খিতাপ জয় কৰা আটাইতকৈ বয়সিয়াল খেলুৱৈ হিচাপেও নজিৰ গঢ়িছিল। ‘দুটা দশকৰ বৰ্ণিল কেৰিয়াৰৰ বোপান্নাই ২৬টাকৈ খিতাপ জয় কৰিছিল।
