টেঙাখাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ১০০ জন যক্ষ্মাৰোগীক খাদ্যৰ টোপোলা বিতৰণ বিধায়ক তেৰচ গোৱালাৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী যক্ষ্মামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে টেঙাখাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মুঠ ১০০ জন যক্ষ্মাৰোগীক একোটিকৈ পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদান কৰা হয়। ডিএমএফটিৰ (ডিষ্ট্ৰিক্ট মিনাৰেল ট্ৰাষ্ট ফাণ্ড)তৰফৰ পৰা যোগান ধৰা এই খাদ্যৰ টোপোলাসমূহ বিতৰণ কৰে দুলীয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰচ গোৱালাই। টেঙাখাত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সভাকক্ষত অনুষ্ঠিত এই বিতৰণ অনুষ্ঠানত উপস্থিত থাকি জিলা যক্ষ্মা বিষয়া ডা০ ৰবি বৰুৱাই বিতৰণ অনুষ্ঠানৰ পূৰ্বে ৰোগীসকলৰ মাজত এক সজাগতা মূলক সভাও অনুষ্ঠিত কৰে। পুষ্টিকৰ খাদ্য বিতৰণৰ এই অনুষ্ঠানত বিধায়ক গৰাকীৰ উপৰিও উপস্থিত থাকে টেখাখাত খণ্ড মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডা০ ৰশ্মি ঠাকুৰীয়া। টেঙাখাত এন টি ইপিৰ হৈ অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ চিকিৎসা পৰিদৰ্শক ভাস্কৰজ্যোতি খনিকৰ, এচটিএল এচ মিন্টু দেৱনাথ আৰু খণ্ড আচঁনি প্ৰৱন্ধক অনিল মেধি।