টেক্সাছত ভয়াৱহ বানত মৃতকৰ সংখ্যা ১০০লৈ বৃদ্ধি

টেক্সাছত ভয়াৱহ বানত মৃতকৰ সংখ্যা ১০০লৈ বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-  আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছ হিল কাউন্ট্ৰীত প্রলয়ংকৰী বানে যান-বাহন, ঘৰ-বাৰী উটুৱাই নি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। প্রলয়ংকৰী বানত মৃতকৰ সংখ্যা ১০০লৈ বৃদ্ধি পাইছে। প্রতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত জটিলতাৰ সৃষ্টি হোৱাত উদ্ধাৰ আৰু সাহায্য কার্যতো ব্যাঘাত জন্মিছে। তথ্য মতে এতিয়াও ১০জন সন্ধানহীন হৈ আছে। টেক্সাছৰ কেম্প মিষ্টিক আৰু যুৱ শিবিৰত প্রলয়ংকৰী বানে ধ্বংসলীলা চলোৱাত এই শিবিৰত আশ্ৰয় লৈ থকা শিশুকে ধৰি প্ৰাপ্তবয়স্ক লোকৰ মৃত্যু ঘটিছে। টেক্সাছৰ চৰকাৰী বিষয়া ছেৰিফ লেৰী লেইথাই প্ৰকাশ কৰা মতে ২৮ শিশুসহ ১০০ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। শিবিৰৰ পৰা সন্ধানহীন হোৱা ১০জনৰ এতিয়াও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। অঞ্চলটো জলমগ্ন হোৱাৰ লগতে ধ্বংসাৱশেষ ভৰি পৰাত কিছুসংখ্যক লোকক উত্ত স্থানৰ পৰা নিৰাপদ স্থানলৈ নিয়া হৈছে। যুৱ শিবিৰৰ পৰা সন্ধানহীন হোৱা ১০ কন্যা আৰু এগৰাকী কাউঞ্চিলাৰক এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই প্রশাসন। সন্ধানহীনসকল জীৱিত হৈ থকাৰ সম্ভাৱনা একেবাৰে ক্ষীণ বুলি ভবা হৈছে যদিও মৃতদেহ উদ্ধাৰ কৰাৰ বাবেও অভিযান চলাই থকা হৈছে। মন কৰিবলগীয়া যে ধুমুহাৰ পাছত প্ৰথমবাৰৰ বাবে টেক্সাছত প্রলয়ংকৰী বানে অভাৱনীয় ৰূপ লৈ বিস্তৰ ক্ষতিসাধন কৰিছে। গৱৰ্নৰ গ্রেক এবটে প্রকাশ কৰা মতে প্রলয়ংকৰী বানত ক্ষয়ক্ষতিৰ পৰিমাণ এতিয়াও নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই। তেনেদৰে মৃতকৰ সংখ্যাও বৃদ্ধি হোৱাৰ সম্ভাৱনা প্রবল।