টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্দ্বনা 

টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্দ্বনা 

ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত হিন্দী শিক্ষয়িত্ৰী মাহফুজা আহমেদ ক আজি বিদায় সম্বৰ্দ্বনা জনোৱা হয় । মাদ্ৰাছা খনৰ প্ৰাক্তন প্ৰধান শিক্ষক আব্দুৰ ৰেজাকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিদায়ী সভাখনত অৱসৰি হিন্দী শিক্ষয়িত্ৰী মাহফুজা আহমেদ ক ফুলাম গামোচা,মান পত্ৰ, কিতাপৰ টোপোলা, কলম, ছাতি, লাঠি আৰু চাদৰেৰে সম্বৰ্দ্বনা জনোৱা হয় । প্ৰধান শিক্ষক জহিৰুল ইছলামে আঁতধৰা বিদায়ী সভাখনত অৱসৰি শিক্ষয়িত্ৰী মাহফুজা আহমেদে ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি কয় – তোমালোকে ভালদৰে লিখা পঢ়া কৰি প্ৰথমে মানুহ হোৱা। পাছত চিকিৎসক, অভিযন্তা আৰু অধিবক্তা হবা । আজিৰ এই বিদায় সভাখনত মাদ্ৰাছা খনৰ পৰিচালনা সমিতিৰ সভাপতি জালাল উদ্দিন আহমেদ, মাতৃ গোটৰ সভানেত্ৰী ৰহিমা খাতুন, গেৰকানি এম ই স্কুলৰ প্ৰধান শিক্ষক হিফজুৰ ৰহমানকে আদি কৰি মাদ্ৰাছা খনৰ প্ৰায় চাৰি শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত আছিল।