টুকটুকীত মীন সজাগতা শিবিৰ অনুষ্ঠিত
আদিলুৰ ৰহমান, টুকটুকী ,ৰঙিলী বাৰ্ত্তাসেৱা– নগাওঁ জিলাৰ বৃহত্তৰ টুকটুকীৰ কটহগুৰি বজাৰত এটি মীন সজাগতা শিবিৰ অনুষ্ঠিত হৈ যায় । বিয়লি ৪ বজাত IFB এগ্ৰো প্ৰাইভেট লিমিটেডৰ উদ্যোগত আৰু সামিয়া সোমায়া কৃষি ভাণ্ডাৰৰ স্বত্বাধিকাৰী শ্বহিদুল ইছলামৰ সহযোগত অনুষ্ঠিত হোৱা মীন সজাগতা শিবিৰ টোত মাছৰ খাদ্যৰ ওপৰত বহল বাবে আলোচনা কৰা হয় । সজাগতা শিবিৰ টোত IFB এগ্ৰো প্ৰাইভেট লিমিটেডৰ ডক্তৰ শূভ্ৰ বিকাশ ভট্টাচাৰ্য উপস্থিত থাকি কয়, আমাৰ কোম্পানীয়ে অত্যাধুনিক প্ৰযুক্তিৰে প্ৰস্তুত কৰিছে মাছৰ খাদ্য “নিউট্ৰাফিড” । উক্ত নিউট্ৰাফিড পুখুৰীত ব্যৱহাৰ কৰিলে গেছ নহয়, মাছ সোনকালে ডাঙৰ হয়, কম খৰছত বেছি উৎপাদন হয় আৰু প্ৰাকৃতিক খাদ্যৰ সৃষ্টি কৰি পুখুৰীৰ পৰিবেশ বজায় ৰাখে। তেওঁ লগতে কয় যে IFB AGRO প্ৰাইভেট লিমিটেডে প্ৰস্তুত কৰা মাছৰ সকলো ধৰণৰ খাদ্য আৰু ঔষধ কতহগুৰী বজাৰ স্থিত সামিয়া সোমায়া কৃষি ভাণ্ডাৰত উপলব্ধ হব । উক্ত শিবিৰ টোত IFB AGRO প্ৰাইভেট লিমিটেডৰ বিষয় ববিয়াৰ লগতে অঞ্চলটোৰ প্ৰায় সাত শতাধিক মীন পালক উপস্থিত আছিল ।