টুইটাৰৰ পৰা ৭৫ শতাংশ কর্মীক চাকৰিৰ পৰা অপসাৰণ কৰাৰ সিদ্ধান্ত মাস্কৰ

Pc TechCrunch

টুইটাৰৰ পৰা ৭৫ শতাংশ কর্মীক চাকৰিৰ পৰা অপসাৰণ কৰাৰ সিদ্ধান্ত মাস্কৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মাইক্র’ব্লগিং ছাইট টুইটাৰ’, ক্ৰয় কৰাৰ পিছত সংস্থাটোৰ  চিইঅ’ পৰাগ আগৰৱালাসহ শীর্ষ বিষয়াসকলক অপসাৰণ কৰে এলন মাস্কে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, টুইটাৰ ক্ৰয়ৰ পিছতে ইয়াৰ ৭৫ শতাংশ কর্মীক চাকৰিৰ পৰা অপসাৰণ কৰাৰ সিদ্ধান্ত লৈছে মাস্কে। মূলতঃ পৰিগাঁথনিগত খৰচ হ্রাস কৰিবলৈ পাইকাৰী হাৰত টুইটাৰত চাটাই অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে মাস্কে। পহিলা নৱেম্বৰৰ পৰা এই গণচাটাই অভিযান আৰম্ভ হ’ব টুইটাৰত। উল্লেখনীয় যে কর্মীসকলক ১ নৱেম্বৰত ক্ষতিপূৰ্ণ হিচাপে বেতনৰ এটা নিৰ্দিষ্ট অংশ প্ৰদান কৰিব মাস্কে।