টুইটাৰত ব্লু টিকৰ বাবে এতিয়াৰ পৰা ভৰিব লাগিব ধন

Pc business today

টুইটাৰত ব্লু টিকৰ বাবে এতিয়াৰ পৰা ভৰিব লাগিব ধন

ৰঙিলী বাৰ্ত্তাসেৱা-  টুইটাৰৰ নতুন গৰাকী ইলন মাস্কে জানিবলৈ দিয়া অনুসৰি এতিয়াৰে পৰা মাইক্ৰ’ব্লগিং ছাইট টুইটাৰত ব্লু টিকৰ বাবে প্ৰতি মাহে ৮ ডলাৰ (৬৬১ টকা) মাচুল দিব লাগিব। ব্লু টিকে সূচায় যে একাউণ্টটো প্ৰমাণিত হৈ আৰু ই ভূৱা নহয়। ইলন মাস্কে ব্লু টিক থকা মানুহৰ বাবে এক মহান শক্তি হিচাপে বৰ্ণনা কৰিছে। লগতে ব্লু টিকৰ বাবে মাচুল পৰিশোধ কৰাৰ কিছুমান সুবিধাৰ বিষয়েও উল্লেখ কৰিছে। মাস্কে টুইটযোগে কৈছে যে, “সংশ্লিষ্ট দেশৰ ক্ৰয় ক্ষমতা অনুসৰি ব্লু টিকৰ ওপৰত মাচুল আদায় লোৱা হ’ব। টুইটাৰ ব্যৱহাৰকাৰীসকলে উল্লেখ, উত্তৰ আৰু সন্ধানত প্ৰাথমিকতা লাভ কৰিব, যিটো স্পাম আৰু কেলেংকাৰী দূৰ কৰাত অতি গুৰুত্বপূৰ্ণ। সকলোৱে ডাঙৰ ভিডিঅ’ আৰু অডিঅ’ পোষ্ট কৰিবলৈ সক্ষম হ’ব। ইয়াৰ উপৰিও, বিজ্ঞাপনৰ সংখ্যাও সীমিত হ’ব।