টি-২০ বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নাহে বাংলাদেশ
ৰঙিলী বাৰ্ত্তাসেৱা- টি-২০ বিশ্বকাপ খেলিবলৈ ভাৰতলৈ নহাৰ সিদ্ধান্ত ল’লে বাংলাদেশ ক্রিকেট ব’র্ডে। ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ভাৰতত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ২০২৬ বাংলাদেশৰ দলটোৱে খেলিব নোৱাৰিব বুলি বৃহস্পতিবাৰে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে স্পষ্ট কৰি দিয়ে । বৃহস্পতিবাৰে বাংলাদেশ ক্রিকেট ব’ৰ্ডে দেশৰ ক্ৰীড়া উপদেষ্টাৰ সৈতে হোৱা বৈঠকতে আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনত ভাগ লোৱাৰ উদ্দেশ্যে ভাৰত ভ্ৰমণ নকৰাৰ চূড়ান্তসিদ্ধান্ত গ্রহণ কৰে। অৱশ্যে বিশ্বকাপ খেলাৰ ক্ষেত্ৰত এতিয়াও বিচিবি আশাবাদী। যদি বাংলাদেশৰ মেচসমূহ আন স্থানত আয়োজন কৰে, তেতিয়াহ’লে তেওঁলোকে দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিব। বাংলাদেশে আইচিচিক পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে। বৈঠকৰ অন্তত আছিফ নজৰুলে কয় যে আমি বাংলাদেশৰ জাতীয় দলৰ ক্ৰিকেটাৰ আৰু ব’ৰ্ডৰ বিষয়াসকলক সাক্ষাৎ কৰিছোঁ। আমি সকলোৱে বিচাৰিছিলোঁ যে আমি টি-২০ বিশ্বকাপ খেলিব পাৰোঁ। কাৰণ আমি এই সুযোগটো অতি কষ্টৰে অৰ্জন কৰিছোঁ। ভাৰতত খেলিবলৈ গ’লে আমি নিৰাপত্তাজনিত বিপদৰ সন্মুখীন হ’ম। আমাৰ ক্রিকেটাৰসকলক ভাৰতৰ পৰা বহিষ্কাৰ কৰা হ’ব। গতিকে আমি টি-২০ বিশ্বকাপত ভাগ ল’বলৈ ভাৰত ভ্রমণ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰোঁ। ইফালে, চৰকাৰৰ সৈতে হোৱা বৈঠকৰ অন্তত বিচিবিৰ অধ্যক্ষগৰাকীয়ে কয় যে বাংলাদেশ ক্রিকেট দলে ভাৰতত এখন মেচো খেলিব নোৱাৰে। এই সময়ছোৱাত তেওঁ আইচিচিক ব্যর্থ বুলি অভিহিত কৰে। আইচিচিয়ে আমাৰ মেচসমূহ ভাৰতৰ পৰা স্থানান্তৰ নকৰিলে। বিশ্ব ক্ৰিকেটৰ বিষয়ে আমি জানো। ইয়াৰ জনপ্রিয়তা দিনকদিনে কমি আহিছে। আইচিচিয়ে ২০ কোটি লোকক হতাশ কৰিছে। ক্রিকেট এতিয়া অলিম্পিক পাইছেগৈ। যদি আমাৰ দৰে দেশে তালৈ নাযায়, তেন্তে এয়া হ’ব আইচিচিৰ ব্যৰ্থতা। বিচিবিৰ অধ্যক্ষগৰাকীয়ে তেওঁলোকৰ যুঁজ অব্যাহত থাকিব বুলি কয়। ইয়াৰ উপৰি আইচিচিক বৈঠকত লোৱা সিদ্ধান্তৰ ওপৰতো তেওঁ প্রশ্ন উত্থাপন কৰে। আইচিচিয়ে ভুল সিদ্ধান্ত লৈছে আৰু কেৱল বিচিচিআইৰ কথাকে মানি লোৱা হৈছে। উল্লেখ্য যে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিয়ে বাংলাদেশক টি-২০ বিশ্বকাপত অংশগ্ৰহণৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’বলৈ বুধবাৰে ২৪ ঘণ্টাৰ সময়সীমা নির্ধাৰণ কৰি দিছিল।
