টি-২০ বিশ্বকাপৰ পৰা বাহিৰ কামিনছ
ৰঙিলী বাৰ্ত্তাসেৱা- টি-২০ বিশ্বকাপৰ পূর্বে অষ্ট্ৰেলিয়াই এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। দলটোৰ তাৰকা পেচবলাৰ পেট কামিনছে আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনত অংশগ্রহণ কৰিব নোৱাৰিব। ২০২৫-২৬ বৰ্ষৰ এছেছৰ সময়ত পিঠিৰ আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ নুঠাৰ বাবে কামিনছক প্রতিযোগিতাখনৰ পৰা বাদ দিয়া হৈছে। তদুপৰি অষ্ট্ৰেলিয়াই পূর্বে ঘোষণা কৰা ১৫জনীয়া দলটোত দুটা পৰিৱৰ্তন কৰিছে। পেট কামিনছৰ স্থানত ক্রিকেট অষ্ট্ৰেলিয়াই বেগী বলাৰ বেন ডাৰম্মুইছক অন্তর্ভুক্ত কৰে। ৩১ বছৰীয়া ডাৰম্মুইছছে এতিয়ালৈকে ১৩খন টি-২০ মেচত ২০টা উইকেট দখল কৰিছে। ইপিনে দলটোৰ দ্বিতীয়টো ডাঙৰ পৰিৱৰ্তন হৈছে মেথিউ শ্বর্ট। দুর্বল ফৰ্মৰ বাবে তেওঁক অস্থায়ী দলৰ পৰা বাদ দিয়া হৈছে। তেওঁৰ ঠাইত মেট ৰেনশ্বক দলত অন্তর্ভুক্ত কৰা হৈছে। ঘৰুৱা আৰু বিবিএলত দাঙি ধৰা দুৰ্দান্ত ফৰ্মৰ বাবে ৰেনশ্বই টি-২০ বিশ্বকাপত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে তাৰকা অভিজ্ঞ বেটাৰ ষ্টিভেন স্মিথক অষ্ট্ৰেলিয়াৰ টি-২০ বিশ্বকাপ দলটোত অন্তর্ভুক্ত কৰাৰ পৰা বিৰত থাকে ক্রিকেট অষ্ট্ৰেলিয়া। টি-২০ বিশ্বকাপৰ বাবে ঘোষিত অষ্ট্ৰেলিয়া দলটোত আছে-মিচেল মার্শ্ব (অধিনায়ক), জেভিয়াৰ বাৰ্টলেট, কুপাৰ ক’নলি, টিম ডেভিদ, বেন ডাৰম্মুইছ, কেমেৰন গ্রীন, নাথান এলিছ, জ’ছ হেজলউড, ট্রেভিছ হেড, জ’ছ ইংলিছ, মেট কুহনেমেন, গ্লেন মেক্সৱেল, মেট ৰেনশ্ব, মার্কাছ ষ্ট’ইনিছ আৰু আডাম জাম্পা।
