টি চিটি ফটোগ্রাফী একাডেমীত বিশ্ব ফটোগ্রাফী দিৱস উদযাপন:দুশ ফটো প্ৰতিযোগীৰ প্ৰথম পুৰস্কাৰ ১০ হাজাৰ চিন্তু ঠাকুৰীয়াক

টি চিটি ফটোগ্রাফী একাডেমীত বিশ্ব ফটোগ্রাফী দিৱস উদযাপন:দুশ ফটো প্ৰতিযোগীৰ প্ৰথম পুৰস্কাৰ ১০ হাজাৰ চিন্তু ঠাকুৰীয়াক

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ কাৰিকৰী সঞ্চালকালয়ৰ দ্বাৰা অনুমোদিত অসমৰ একমাত্র বেচৰকাৰী ফটোগ্রাফী প্রশিক্ষণ প্রতিষ্ঠান ডিব্রুগড়ৰ বাণীপুৰত প্রতিষ্ঠিত টি. চিটি ফটোগ্রাফী একাডেমীত অষ্টম বার্ষিক বিশ্ব ফটোগ্রাফী দিৱস ১৯ আগষ্টত বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। ফটোগ্রাফী ক্লাব অফ্ আসামৰ সভাপতি বিদ্যাসাগৰ বৰুৱা আৰু আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফটোগ্ৰাফাৰ ৰঞ্জিত চৌধুৰী, ডিব্ৰুগড়ৰ অগ্রণী ‘অপেক্ষা হস্পিতাল’ৰ সঞ্চালক ফটোপ্রেমী ডাঃ অশোক আগৰৱালা, চিল্কী আগৰৱালা, উপাসনা কলাকেন্দ্ৰৰ সভাপতি দীপক কুমাৰ দত্ত, অধ্যক্ষ তৰুণ কুমাৰ গগৈ, ড০ নয়নমণি ফুকন, নন্দিতা গগৈ, অধ্যাপক ৰণেন্দ্ৰ খাউণ্ড, ঝর্ণা শইকীয়া, মণিমালা গগৈৰ উপৰিও বহু বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে। ‘ফটোগ্রাফী ক্লাব অফ্ আসাম’ৰ প্ৰতিষ্ঠাপক সভাপতি আৰু টি চিটি, ফটোগ্রাফী একাডেমীৰ সঞ্চালক দেবাশীষ গগৈয়ে বিশ্বত ফটোগ্রাফী বিকাশৰ চমু ইতিহাস দাঙি ধৰাৰ লগতে বর্তমান বিশ্বত ফটোগ্রাফীৰ গুৰুত্ব সম্পর্কে বিশদ বর্ণনা দাঙি ধৰে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ফটোগ্রাফীৰ বিকাশত ডিব্ৰুগড়ৰ বিশিষ্ট ফটোগ্ৰাফাৰ মুক্তালাল বৰদলৈৰ দ্বিতীয় মহাযুদ্ধৰ সময়তে বৃটিছ চৰকাৰৰ পৰা চৰকাৰী ফটোগ্ৰাফাৰ হিচাপে নিযুক্তি পোৱা গৌৰৱমণ্ডিত অৱদানৰ তথ্যও তেখেতে দাঙি ধৰে। উপাসনা কলাকেন্দ্ৰত আয়োজন কৰা ফটো প্রদর্শনী আৰু ফটোগ্রাফীৰ প্ৰতিযোগিতাত প্রায় দুশ প্রতিযোগীয়ে যোগদান কৰে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফটোগ্রাফাৰ সৌৰভ দুৱৰাই প্রতিযোগিতাত বিচাৰকৰ আসন গ্ৰহণ কৰে। ফটোগ্রাফী প্রতিযোগিতাৰ জ্যেষ্ঠ শাখাত প্ৰথম পুৰস্কাৰ চিন্তু ঠাকুৰীয়াক দহ হাজাৰ টকা, দ্বিতীয় হর্ষজিত দাসক পাঁচ হাজাৰ আৰু তৃতীয় পুৰস্কাৰ ৰত্নজিত চৌধুৰীক তিনি হাজাৰ টকা প্ৰদান কৰা হয়। কনিষ্ঠ শাখাৰ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে প্রিয়াংশু গগৈ আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে অনুভূতি হাজৰিকাই। বিশিষ্ট ফটো ভিডিঅ, সাংবাদিক ইফটিকাৰ হুছেইনক ফটোগ্রাফী বঁটাৰে সন্মানিত কৰি পাঁচ হাজাৰ টকাৰ চেক্‌ প্রদান কৰি সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। তদুপৰি সু-দক্ষ ফটোগ্রাফাৰ আৰু সমাজকর্মী অৰিজিত দাসগুপ্তা, নিশান্ত টোডি, মোহিত টোডিৰ লগতে চিল্কী আগৰৱালাক তেওঁলোকৰ সামাজিক অৱদানৰ বাবে সম্বর্দ্ধনা জনোৱা হয়।