টি এম পি কে’ৰ উদ্যোগত আৰু ২৩ নং লোহিত পশ্চিম পৰিষদীয় সমষ্টিৰ সহযোগত উত্তৰ খাবলুত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানঃ

টি এম পি কে’ৰ উদ্যোগত আৰু ২৩ নং লোহিত পশ্চিম পৰিষদীয় সমষ্টিৰ সহযোগত উত্তৰ খাবলুত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান

নীট পৰীক্ষাত উত্তীৰ্ণ হোৱা ৪জন আৰু ১১৮জন কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  লোহিত খাবলু আঞ্চলিক টাকাম মিচিং পৰিণ কেবাং ( টি এম পি কে’)ৰ’ উদ্যোগত আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২৩ নং লোহিত পশ্চিম পৰিষদীয় সমষ্টিৰ সহযোগত আজি বৃহত্তৰ লোহিত খাবলু অঞ্চলৰ ২০২৪ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ লগতে নীট পৰীক্ষাত উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। নামনি সোৱণশিৰি মিচিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী- প্ৰধান শিক্ষক সঞ্জীৱ কুমাৰ পায়েঙৰ সভাপতিত্বত উক্ত অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। দিনৰ এঘাৰ বজাৰ পৰা উত্তৰ খাবলু আঞ্চলিক মুৰং অকুমত অনুষ্ঠিত হোৱা উক্ত অভিনন্দন অনুষ্ঠানটোৰ আঁত ধৰে লোহিত খাবলু আঞ্চলিক এম এম কে ‘ৰ সাধাৰণ সম্পাদক দেৱৰাম মিলিয়ে । উক্ত, অভিনন্দন অনুষ্ঠানটো উদ্বোধন কৰে ২৩ নং লোহিত পশ্চিম পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য মুকুল পেগুয়ে। তেওঁ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি অনুপ্ৰেৰণা মূলক ভাষণ প্ৰদান কৰে। উক্ত অনুষ্ঠানত ২০২৪ বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত লোহিত খাবলু, উত্তৰ খাবলু, দূতৌৰ ৰঙানদী, পশ্চিম তেলাহী আৰু কুলামন মিৰি আঞ্চলিকৰ মুঠ ১১৮ জন মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়। উক্ত, অনুষ্ঠানতে চলিত বৰ্ষত নীট (NEET )পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰী বৰবালিৰ নিহাৰানী দলে আৰু বৰালিমৰাৰ জেনিছ পেগু, পকনীয়াৰ মানস দলে আৰু মতকু গাঁৱৰ দিম্পী পগাগক অভিনন্দন তথা উষ্ম সম্বৰ্ধনা জনোৱা হয়। উক্ত, সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষন প্ৰদান কৰি টি এম পি কে’ৰ সাধাৰণ সম্পাদক ছান দঞি পাংগিঙে কৃৰ্তীমান ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যতৰ জীৱনত লবলগীয়া সিদ্ধান্ত সন্দৰ্ভত বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি মেধাৱী ছাত্ৰ ছাত্ৰীসকলে নিজৰ অনুভৱ প্ৰকাশ কৰে।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে লোহিত খাবলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মইনুল হক তালুকদাৰ, আলিছিগা খাবলু জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জগত দলে, এছ ডি কে হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰজাপতি দেউৰী, কূলামুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জগদীশ দলে, লোহিত খাবলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক নীবানন্দ দলে, এম এম কে ‘ৰ লখিমপুৰ জিলাৰ প্ৰাক্তন সভাপতি নেপোলিয়ন দলে , মাজুলী জিলা টি এম পি কে’ৰ উপ-সভাপতি বিনোদ দলে, তেলাহী ব্লকৰ প্ৰাক্তন উপ সভানেত্ৰী জ্যোৎস্না দলে, ছাত্ৰ নেতা নৱজিত পায়েং , জীৱন দলে, লখিমপুৰ জিলা টি এম পি কে’ৰ উপ-সভাপতি তৰুণ পেগু, পীতাম্বৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ প্ৰৱক্তা যদু কলিতা আদিয়ে অনুপ্ৰেৰণা মূলক ভাষণ প্ৰদান কৰে। অনুষ্ঠানত শলাগ জ্ঞাপন কৰে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য মুকুল পেগুয়ে।