টিহু-টংলা-গোৰেশ্বৰ-হাজো-শুৱালকুছিত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প সভা
ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই চাৰিখনকৈ বিজয় সংকল্প সভাত অংশগ্ৰহণৰ লগতে ৰঙিয়া বিধানসভা সমষ্টিত আয়োজিত এক বিশাল ৰোড শ্ব’ত ভাগ লয়। টিহু, টংলা, গোৰেশ্বৰ আৰু হাজো-শুৱালকুছিত অনুষ্ঠিত বিজয় সংকল্প সভাত ৰাইজৰ ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হ’ল। পুৱাৰ ভাগত টিহু সমষ্টিত প্রথমখন বিজয় সংকল্প সভাত অংশ লৈ মুখ্যমন্ত্রী ড° শৰ্মাই তেওঁৰ ভাষণত কয়- জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে আমি এইখন অসমত থাকিবই লাগিব। কংগ্রেছে আমাক ৰক্ষা কৰিব নোৱাৰে। কেৱল বিজেপি চৰকাৰেহে খিলঞ্জীয়াক সুৰক্ষিত কৰিব পাৰিব। দুপৰীয়া নলবাৰী জিলাৰ বেলশৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত আয়োজিত ৪০নং টিহু বিধানসভা সমষ্টিৰ বিজেপি প্রার্থী চন্দ্রমোহন পাটোৱাৰীৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে ভাষণত কয়- ২০২১ চনৰ বিধানসভা নিৰ্বাচনত বেলশৰলৈ আহোঁতে এক লাখ ল’ৰা-ছোৱালীক চাকৰি দিম বুলি কোৱাৰ সময়ত কোনোৱে বিশ্বাস কৰা নাছিল। কিন্তু ৫ বছৰ সম্পূৰ্ণ কৰাৰ সময়ত আমি এতিয়া ১ লাখ ৬৫ হাজাৰ যুৱক-যুৱতীক চাকৰি দিলোঁ। কংগ্ৰেছৰ দিনত অংগনৱাড়ী চাকৰিৰ বাবেও পইচা দিব লাগিছিল, মধ্যাহ্ন ভোজনৰ চাকৰিতো পইচা দিব লাগিছিল। কিন্তু বিজেপি চৰকাৰে স্বচ্ছ আৰু নিকাৰে ১.৬৫ লাখ শিক্ষিত যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিলে।

পুনৰ চৰকাৰ গঠন কৰিলে ২ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি দিম। ইয়াৰে ২৫ হাজাৰ যুৱক-যুৱতীক আৰক্ষীত নিযুক্তি দিয়াৰ বিপৰীতে ৭৫ হাজাৰক নতুনকৈ শিক্ষক পদত নিযুক্তি দিয়া হ’ব। মুখ্যমন্ত্রীয়ে কয়- মহিলা উদ্যমিতা আঁচনিত এইবাৰ ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে। আগন্তুক দিনত এই ধন ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব। বিশাল নির্বাচনী সভাখনত ভাষণ দি মুখ্যমন্ত্রীয়ে বেলশৰৰ শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ উন্নয়নৰ বাবে ২৫ কোটি টকা অনুদান আগবঢ়াব বুলিও জানিবলৈ দিয়ে। তদুপৰি চামতাত এটা অত্যাধুনিক শীত-তাপ নিয়ন্ত্রিত অ’ডিটৰিয়াম নির্মাণ, টিহুত এখন ষ্টেডিয়াম নির্মাণ, চামতা আৰু টিহুত দুটাকৈ পৰিদৰ্শন বাংলা নির্মাণ, টিহু সমষ্টিৰ প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়ত ৫-৮ কোটি টকাৰ অনুদান, বেলশৰ শ্বহীদ স্মৃতি কলেজত নতুনকৈ বাণিজ্য শাখা খোলা, টিহু সমষ্টিত বাট-পথ, মথাউৰি নিৰ্মাণৰ কাম পৰৱৰ্তী চৰকাৰ গঠনৰ লগে লগে সম্পূৰ্ণ কৰাৰো প্রতিশ্রুতি প্রদান কৰে মুখ্যমন্ত্ৰীয়ে। ভাষণত মুখ্যমন্ত্ৰীয়ে টিহু সমষ্টিৰ ১০ হাজাৰ মহিলাক অৰুণোদয় আঁচনিত অন্তর্ভুক্ত কৰা হ’ব বুলি উল্লেখ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ অধীনত ১০ হাজাৰ যুৱক-যুৱতীক ২ লাখ টকাকৈ প্ৰদান কৰা হ’ব বুলিও প্রতিশ্রুতি প্রদান কৰে। মুখ্যমন্ত্ৰীয়ে বিজেপি প্রার্থী তথা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীক ৫০ হাজাৰৰো অধিক ভোটত জয়যুক্ত কৰাৰ বাবে উপস্থিত ৰাইজক আহ্বান জনায়। ইয়াৰ পিছতে মুখ্যমন্ত্রী ড° শৰ্মাই ওদালগুৰি জিলাৰ নৱগঠিত টংলা সমষ্টিত আন এক বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। টংলা সমষ্টিৰ বিজেপি প্রার্থী টিকেন চন্দ্ৰ দাসৰ সমৰ্থনত বিজয় সংকল্প সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয়- এইবাৰ ১ লাখ ৬৫ হাজাৰ যুৱক-যুৱতীক ঘোচ নোলোৱাকৈ চাকৰি প্ৰদানৰ পাছত পুনৰ বিজেপি চৰকাৰ আহিলে ২ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি নিযুক্তি প্রদান কৰা হ’ব। ৰেচন কার্ড থকা প্ৰতিটো পৰিয়ালে চাউল-দাইল-চেনি-নিমখৰ লগতে এক লিটাৰকৈ মিঠাতেল বিনামূলীয়াকৈ পাব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে মহিলা উদ্যমিতা, অৰুণোদয়, নিযুত মইনা, নিযুত বাবু আঁচনিসমূহ একমাত্র বিজেপি চৰকাৰৰ বাবেহে সম্ভৱ হৈছে।

কংগ্ৰেছ চৰকাৰে সাধাৰণ ৰাইজৰ বাবে এই আঁচনিসমূহ অনাৰ কোনো পদক্ষেপেই গ্রহণ নকৰিলে। সমষ্টিটোত ১০ হাজাৰ মহিলাক পুনৰ অৰুণোদয় আঁচনিত অন্তর্ভুক্ত কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰ বিজেপি আৰু মিত্ৰদলে ৯০খনতকৈ অধিক আসন দখল কৰিব। বিগত নির্বাচনৰ সময়ত যিবোৰ প্রতিশ্রুতি দিছিলোঁ, সেই প্রতিশ্রুতিসমূহ আখৰে আখৰে পালন কৰিবলৈ সক্ষম হৈছোঁ। সেইবাবে ৰাইজে জানে যে মই প্রতিশ্রুতি পালন নকৰাকৈ নাথাকোঁ। পুনৰ চৰকাৰ গঠন হ’লে আৰক্ষী, শিক্ষক, নাৰ্ছকে ধৰি বিভিন্ন পদৰ লগতে গ্রেড-৩ আৰু গ্রেড-৪ বিভাগত ২ লাখ যুৱক-যুৱতীক চাকৰি দিয়া হ’ব। তদুপৰি এতিয়াৰে পৰা কোনো পৰিয়ালে তেওঁলোকৰ ল’ৰা-ছোৱালীক পঢ়ুওৱাৰ খৰচ বহন কৰিব নালাগে। বিজেপি চৰকাৰে বিনামূলীয়াকৈ প্রতিটো সন্তানক পঢ়ুওৱাৰ দায়িত্ব গ্ৰহণ কৰিব। এই নির্বাচনী সভাতে মুখ্যমন্ত্রীয়ে কুলচী নদীৰ ওপৰত হাতীগড়-ভুটীয়াচাং পথ সংযোগী পথত এখন দলং নির্মাণ, টংলাত আইন কলেজ স্থাপন, ৰণথলীত মিনি ষ্টেডিয়াম নির্মাণ, টংলাত মিনি ষ্টেডিয়াম নির্মাণ, কলাইগাঁৱত ননৈ নদীৰ ওপৰত দলং নির্মাণ, বাবুপাৰাত অ’ডিটৰিয়াম নির্মাণ, আধৰুৱা হৈ থকা টংলাস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ স্মৃতি ভৱন সম্পূৰ্ণকৰণ, পানেৰী মহাবিদ্যালয় প্রাদেশিকীকৰণ, টংলা নগৰৰ উন্নয়নৰ বাবে ৫০ কোটি টকা প্রদানৰ প্রতিশ্রুতিও প্রদান কৰে। টংলাৰ পাছতে মুখ্যমন্ত্রীয়ে ৪৪ নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ শুক্লাই খেলপথাৰত এনডিএৰ প্ৰাৰ্থী ভিক্টৰ কুমাৰ দাসৰ হৈ আন এখন বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে।

বিটিচিপ্রধান হাগ্ৰামা মহিলাৰীয়ে সংগদান কৰা এই সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে হিমন্ত বিশ্ব শর্মা আৰু হাগ্ৰামা মহিলাৰী এক হ’লে গোৰেশ্বৰত উন্নয়নৰ কাম দ্রুতগতিত আগবাঢ়িব। গতিকে আমি বিটিচিৰ অন্তৰ্গত ১৫খন আসনতে এনডিএ প্রার্থীক জয়যুক্ত কৰিব লাগিব। মুখ্যমন্ত্রীয়ে কয়- বিটিচিত এতিয়া ইউপিপিএল নাই। গতিকে ইউপিপিএলক ভোট দিলে কোনো লাভ নহ’ব। গোৰেশ্বৰত নতুনকৈ ১০ হাজাৰ মহিলাক অৰুণোদয় দিয়া হ’ব বুলি উল্লেখ কৰি তেওঁ কয়-ৰেচন কার্ড থকাসকলক চাউল-দাইল-চেনি-নিমখৰ লগতে এইবাৰ অতিৰিক্তভাৱে ১ লিটাৰকৈ মিঠাতেল বিনামূলীয়াকৈ দিয়া হ’ব। আনহাতে বিজেপি চৰকাৰ আহিলে ল’ৰা-ছোৱালীক পঢ়ুওৱাৰ দায়িত্ব চৰকাৰে ল’ব। সমষ্টিটোত ১০ হাজাৰ যুৱক-যুৱতীক ব্যৱসায় কৰিবলৈ ২ লাখ টকাকৈ দিয়া হ’ব বুলিও সভাত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। আজিৰ এই সভাতে মুখ্যমন্ত্রীয়ে নাওকাটাত অগ্নিনির্বাপক কেন্দ্র স্থাপন, গোৰেশ্বৰৰ মিনি ষ্টেডিয়ামক পূর্ণাংগ ষ্টেডিয়ামলৈ উন্নীতকৰণ কৰাৰো প্ৰতিশ্রুতি প্ৰদান কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই চতুর্থখন বিজয় সংকল্প সভাৰ বাবে ইয়াৰ পিছতে উপস্থিত হয় তীর্থনগৰী হাজোত। মিত্রদল অগপৰ প্ৰাৰ্থী প্রকাশ চন্দ্ৰ দাসৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে হাজোৰ নৱনিৰ্মিত ষ্টেডিয়ামত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্রসংগত কংগ্ৰেছ দলক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ দিনত কেৱল সূতা, কম্বল আৰু ধুতী-লুঙী দিয়েই ৰাইজৰ প্ৰতি দায়িত্ব সামৰিছিল চৰকাৰখনে। কিন্তু বিজেপি চৰকাৰে মহিলাসকলক আর্থিকভাৱে সবল কৰি তোলাৰ লক্ষ্যৰে মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ আগবঢ়াইছে। পুনৰ চৰকাৰ গঠন হ’লে এই ধন ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব। পূর্বে হাজোলৈ আহিবলৈ পথত থকা বৃহৎ বৃহৎ গাঁত পাৰ হৈ আহিব লাগিছিল। কিন্তু এতিয়া হাজোৰ পথত পুখুৰী নাই। হাজোৰ এতিয়া চৌদিশে উন্নয়ন সম্ভৱ হৈছে। অহা ৫ বছৰত হাজো-শুৱালকুছি সমষ্টিক জাকতজিলিকা সমষ্টিৰূপে ৰূপান্তৰিত কৰাৰ বাবে পুনৰ বিজেপি চৰকাৰক সমর্থন দিবলৈ আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয়- অসমৰ সুৰক্ষা আৰু বিকাশৰ বাবে পুনৰ বিজেপি চৰকাৰ গঠন হ’বই লাগিব। সমষ্টিটোত বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী প্রকাশ দাসক জয়যুক্ত কৰাৰ বাবে আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয়- অগপ আৰু বিজেপি বুন্দিয়া-ভুজিয়াৰ দৰে। সমষ্টিটোত এতিয়া দুজন বিধায়ক থাকিব। প্রকাশ দাসেও কাম কৰিব আৰু ময়ো কাম কৰিম। এই সভাত মুখ্যমন্ত্রীক সংগ দিয়ে প্রাক্তন বিধায়ক নুৰুল হুছেইন, অগপ নেতা মনোজ শইকীয়া, অৰ্ণৱ ভৰালীকে ধৰি কেইবাজনো নেতাই।

চাৰিখনকৈ বিজয় সংকল্প সভাত অংশগ্ৰহণৰ পাছতে সন্ধিয়া মুখ্যমন্ত্রী ড° শৰ্মাই ৰঙিয়াত এক বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। বিজেপি প্রার্থী ভবেশ কলিতাৰ হৈ উলিওৱা হৈ এই ৰোড শ্ব’। হাজাৰ হাজাৰ সমৰ্থকে পথৰ দুয়োকাষে থিয় হৈ মুখ্যমন্ত্ৰীগৰাকীক পুষ্পবৃষ্টিৰে আদৰণি জনোৱাৰ লগতে এহাতেৰে গামোচাৰে সম্বর্ধনাও জনায়। ঢোল-বাদ্যৰ মাজত আনন্দ-উল্লাহেৰে মুখ্যমন্ত্ৰীক জনোৱা এই আদৰণি চাবলৈ সহস্রাধিক লোকে ভিৰ কৰে। ভোৰতাল নৃত্য, বিহু, বাগৰুম্বা আৰু ঝুমুৰ নৃত্য প্রদর্শনেৰে মুখ্যমন্ত্রীক অভিবাদন জনোৱাৰ লগতে মুখ্যমন্ত্ৰীৰ ছবি অংকন কৰিও বহুতেই দৃষ্টি আকর্ষণ কৰে। প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ অতিক্ৰম কৰি ছ’চাইটী চ’কত এই বিশাল ৰোড শ্ব’ সমাপ্ত হয়। ইয়াৰ পূর্বে মুখ্যমন্ত্রী ড° শৰ্মাই ৰঙিয়া জিলাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত এক নির্বাচনী সভাত ভৱেশ কলিতাৰ হৈ প্ৰচাৰ অভিযান চলায়। ৰঙিয়াত উপস্থিত হোৱাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীক বিজেপিৰ কার্যকর্তাসকলে গামোচা, ত্রিশূল, গদা, তাল আৰু ধেনু-কাঁড়েৰে উষ্ম আদৰণি জনায়। ভৱেশ কলিতাৰ সমৰ্থনত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে এইবাৰ চৰকাৰ গঠন হ’লে ২ লাখ যুৱক-যুৱতীক চাকৰি প্ৰদানৰ লগতে মহিলা উদ্যমিতা আঁচনিৰ ধন ২৫ হাজাৰলৈ বৃদ্ধি কৰা হ’ব। ৰঙিয়া সমষ্টিত ১০ হাজাৰ মহিলাক নতুনকৈ অৰুণোদয় আঁচনিত অন্তর্ভুক্ত কৰা হ’ব বুলি প্রতিশ্রুতি প্রদান কৰি মুখ্যমন্ত্ৰীয়ে ভৱেশ কলিতাক ৫০ হাজাৰ ভোটত জয় কৰাবলৈ ভোটাৰ ৰাইজক আহ্বান জনায়। মুখ্যমন্ত্ৰীৰ মন্তব্য- এইবাৰ নিৰ্বাচনত গ’লপোষ্ট নাই। যিমান পাৰে গ’ল দিয়ক।

