টিহুৰ বিশিষ্ট লেখিকা অলকা বুজৰ বৰুৱালৈ ভট্টদেৱ কথা শিল্প বঁটা ২০২৩ প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- সাহিত্য সাংস্কৃতিক ক্ষেত্ৰখনৰ অগ্ৰণী অনুষ্ঠান হাউলীৰ গোপাল আতা সাহিত্য পৰিষদে আয়োজন কৰা গ্ৰন্থ প্ৰতিযোগিতাত নলবাৰী জিলাৰ টিহু ৩ নং ৱাৰ্ডৰ নিবাসী বিশিষ্ট লেখিকা কৃতি শিক্ষয়িত্ৰী অলকা বুজৰ বৰুৱাই পৌৰাণিক চৰিত্ৰ দ্ৰৌপদীৰ আধাৰত ৰচনা কৰি উলিওৱা তেখেতৰ “দ্ৰৌপদী” নামৰ উপন্যাসক খনৰ বাবে ‘ভট্টদেৱ কথা শিল্প বঁটা ২০২৩’ লাভ কৰিবলৈ সক্ষম হৈছে । ২ জুলাই দেওবাৰে ইটাৰভিঠাৰ মিলন জ্যোতি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত ঔপন্যাসিক অলকা বুজৰ বৰুৱাক অনুষ্ঠানিক ভাবে বঁটা প্ৰদান কৰা হয় । ঔপন্যাসিক গৰাকীক বঁটা প্ৰদান কৰে মিলন জ্যোতি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ বাবলুৰ ৰহমান দেৱে ।