টিকটৰ মূল্যবৃদ্ধিৰ অভিযোগ নাকচ চিনেমা হল মালিক সন্থাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৩১ অক্টোবৰত মুক্তিলাভ কৰিব জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’। মুক্তিৰ পূৰ্বেই বুক মাই শ্ব’ৰ যোগেৰে অসমৰ সকলোবোৰ বোলছবি প্রেক্ষাগৃহৰ লগতে দেশ-বিদেশৰ বহু বোলছবি গৃহত অভিলেখসংখ্যক টেণ্ডিঙেৰে ‘ৰৈ ৰৈ বিনালে’ৰ সকলোবোৰ প্ৰেক্ষাগৃহৰ আসনৰ বুকিং কেইবাদিনলৈকে শেষ হৈছে। ইতিমধ্যে বুক মাই শ্ব’ৰ জৰিয়তে প্রায় ৭.৫ লাখ আসনৰ বুকিং হৈছে। ইয়াৰ মাজতে টিকটৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে ‘ৰৈ ৰৈ বিনালে’ বোলছবিখন চোৱাৰ ক্ষেত্ৰত বহু জুবিন অনুৰাগীক অসুবিধাত পেলোৱাও পৰিলক্ষিত হয়। টিকটৰ মূল্যবৃদ্ধিৰ বিতৰ্কৰ মাজতে ‘ৰৈ ৰৈ বিনালে’ বোলছবিখনৰ কৰ্তৃপক্ষই বোলছবি বিতৰকসকলে টিকটৰ মূল্য হ্রাস কৰিব বুলি আশা কৰি কালিৰ দিনটোত সামাজিক মাধ্যমযোগে এক পোষ্ট কৰিছিল। সেয়া অন্য এক বিষয় হ’লেও গুৱাহাটীৰ খ্ৰীষ্টানবস্তিস্থিত হোটেল এপল’ গ্রেণ্ডত এক সংবাদ মেল অনুষ্ঠিত কৰি সদৌ অসম চিনেমা হলৰ মালিক সন্থাই তেওঁলোকৰ প্ৰেক্ষাগৃহসমূহত টিকটৰ মূল্যবৃদ্ধিৰ অভিযোগ নাকচ কৰে। ছিংগাপুৰত দুর্ভাগ্যজনকভাৱে মৃত্যুবৰণ কৰা জুবিন গাৰ্গৰ মৃত্যুৰ আৱেগক লৈ চিনেমা হল মালিক সন্থাই ‘ৰৈ ৰৈ বিনালে’ৰ জৰিয়তে কোনো ধৰণে লাভ উঠাবলৈ যত্ন নকৰে বুলি স্পষ্ট কৰি দিয়ে সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ বৰাই। বৰাই কয় যে জুবিন গাৰ্গৰ জনপ্ৰিয়তাক লৈ আৱেগৰ খেলা কৰি তেওঁলোকে তেওঁৰ নামৰ ব্যৱহাৰেৰে ব্যৱসায় কৰিবলৈ চেষ্টা কৰা নাই। আমি টিকটৰ মূল্য বৃদ্ধি কৰা নাই। যিসকলে টিকটৰ মূল্য বৃদ্ধি কৰা হৈছে বুলি দাবী কৰিছে তেওঁলোকে তথ্য পৰীক্ষা কৰা উচিত। আমি যিটো সংশোধন কৰিছোঁ সেইটো কেৱল চিনেমাৰ শ্ব’ৰ সংখ্যাৰ ক্ষেত্ৰতহে, টিকটৰ মূল্যত নহয়। অসমত হিন্দী ছবিৰ ক্রমবর্ধমান আধিপত্যৰ বিৰুদ্ধে দৃঢ় স্থিতি ঘোষণা কৰি সংগঠনটোৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ বৰাই কয় যে যেতিয়ালৈকে ‘ৰৈ ৰৈ বিনালে’ অসমৰ ছবিগৃহত চলি থাকিব কোনো হিন্দী ছবি প্রদর্শন আমি নকৰোঁ। আমি কেৱল অসমৰ জনসাধাৰণক শান্তিপূর্ণভাৱে, শৃংখলাবদ্ধভাৱে ‘ৰৈ ৰৈ বিনালে’ পর্যায়ক্রমে দৰ্শন কৰিবলৈ অনুৰোধ জনাইছোঁ। অসমীয়া চিনেমাই সন্মুখীন হোৱা ব্যৱসায়িক প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰি ৰাজীৱ কুমাৰ বৰাই কয়- অসমীয়া প্রযোজকৰ মাজত উপযুক্ত জ্ঞানৰ অভাৱৰ বাবে হিন্দী আৰু অসমীয়া ছবিৰ মাজত টিকট বিক্ৰীৰ পৰা পোৱা লাভৰ ভাগ-বাটোৱাৰাত বৃহৎ বৈষম্যৰ সৃষ্টি হৈছে। অনা-অসমীয়া লবীয়ে দীর্ঘদিন ধৰি অসমৰ চিনেমা ব্যৱসায়ত আধিপত্য বিস্তাৰ কৰি আহিছে। যাৰ ফলত আমাৰ আঞ্চলিক চলচ্চিত্র উদ্যোগত বৃহৎ ক্ষতি হৈছে। তেওঁ আৰু কয় যে মাল্টিনেচনেল কোম্পানীসমূহে ‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ দাম বৃদ্ধি কৰিছে। তেওঁলোকে চিনেমা হল মালিক সন্থাক অৱগত নকৰাকৈয়ে টিকটৰ দাম বৃদ্ধি কৰিছে। জুবিনক লৈ তেওঁলোকৰ কোনো আৱেগ নাই। তেওঁলোকে জুবিনৰ নামত ব্যৱসায় কৰিছে। মাল্টিনেচনেল ছবিগৃহসমূহ বৰ্জন কৰিবলৈ আহ্বান জনাই চিনেমা হল মালিক সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে তেওঁলোকৰ এই বেপাৰী ষ্টাইলটো আমি সহ্য নকৰিম। দিল্লী-মুম্বাইত বহি থকাসকলে ‘ৰৈ ৰৈ বিনালে’ৰ টিকটৰ দাম বৃদ্ধি কৰিছে বুলি উল্লেখ কৰি বৰাই কয় যে হিন্দী চিনেমাৰ পৰা বিতৰক সংস্থাই ২ৰ পৰা ৩ শতাংশ কমিছন লয়, কিন্তু অসমীয়া ছবিৰ পৰা ১০ শতাংশ কমিছন লয়। ‘ৰৈ ৰৈ বিনালে’ৰ সফলতাৰ ওপৰত বিশ্বাস ৰাখি চিনেমা হল মালিক সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে আৰু কয় যে হিন্দী ছবি মুক্তি পালেও ‘ৰৈ ৰৈ বিনালে’ই অগ্ৰাধিকাৰ লাভ কৰিব। ‘ৰৈ ৰৈ বিনালে’ কেৱল এখন ছবি নহয়, সেয়া অসমৰ জনসাধাৰণৰ বাবে এক আৱেগিক আন্দোলন। জুবিনৰ পূৰ্বৰ ছবিসমূহ যদি অনুৰাগীসকলে দুবাৰ চাইছিল ‘ৰৈ ৰৈ বিনালে’ এতিয়া চাৰিবাৰ চাব। অসমৰ বোলছবি ইতিহাসত ‘ৰৈ ৰৈ বিনালে’ই অভিলেখ ভংগ কৰিব, যিটো পৰৱৰ্তী দিনত কোনোৱে ভংগ কৰিব নোৱাৰিব। মালিক সন্থাই পুনৰ কয় যে তেওঁলোকৰ উদ্দেশ্য ব্যৱসায়ত ব্যাঘাত জন্মোৱা নহয়, বৰঞ্চ অসমীয়া চিনেমাক নিজৰ মাটিত ব্যৱসায়িকভাবে অপ্রাসংগিক হোৱাৰ পৰা ৰক্ষা কৰাটোহে।
