টিউটৰৰ জীৱনৰ বাবে এটি দুৰ্ঘটনা – ফখৰুদ্দিন আহমেদ

PC - Pexels

টিউটৰৰ জীৱনৰ বাবে এটি দুৰ্ঘটনা

ফখৰুদ্দিন আহমেদ

জীৱনৰ প্ৰায় ২৩ টকা বসন্ত গৰকি এখনি বিদ্যালয় গঢ়ি তূলি নাম পালো টিউটৰ। সাম্প্ৰতিক সময়ত জাতি, মাটি, ভেটি আৰু মোগলৰ সৈতে শেষ ৰণ বুলি ঘোষণা কৰি নিৰ্বাচনী বৈতৰণী পাৰ হৈ অসমত দ্বিতীয় বাৰৰ বাবে চৰকাৰ গঠন কৰা ভাৰতীয় জনতা পাৰ্টিৰ জনপ্ৰিয় চৰকাৰ খনে শিক্ষকৰ মৰ্যদা দিলে আমাক কিন্তু শিক্ষক নামাকৰণ আৰু উপযুক্ত বেতনৰ পৰা বঞ্চিত কৰি ৰাখিলে। মোৰ নিজৰ শিক্ষক হ’বলৈ জোখাৰে শিক্ষাগত অৰ্হতা থকাৰ পিছতো বঞ্চিত হ’লো। ২০১৭ চনৰ আৰু ২০১৮ চনৰ সঙশোধনী বিদ্যালয় প্ৰাদেশীকিকৰন আইন মতে যে মোৰ পদটি হৈছে স্নাতকোত্তৰ শিক্ষক পৰ্যায়ৰ। বেতন মাহিলী ১৬২০০/- টকা।তাৰ পৰা ১৮০/- টকা প্ৰফেচনেল টেক্স কটাৰ পিছত ১৬০২০/- টকা লাভ কৰোঁ। ঘৰৰ পৰা পৰলৈ সকলোৱে ভাবে ডাঙৰ চাকৰিয়াল। কিন্তু মোৰ দৰে পৰ্যায়ৰ সকলোৰে ভিতৰুৱা অৱস্থা ভূক্তভোগীৰ বাহিৰে বেলেগৰ অনুমেয় বুলি ভাবিবৰ থল কোনো কাৰণতে নাই।মই নিজে সন্দিহান আছিলোঁ যে হঠাতে মোৰ কিবা দুৰ্ঘটনা হ’লে কি হ’ব? আল্লাহৰ ওচৰত দোৱা কৰি আছিলোঁ তেনে একো অঘটন যাতে নঘটে। কিন্তু ঘটি গ’ল সেই অনাকাঙ্খিত দুৰ্ঘটনাটি। চলিত ২০২২ বৰ্ষৰ ১৬ ডিচেম্বৰৰ ৰাতিপুৱা প্ৰায় ৮-৩০ বজাত অসম বিখ্যাত গৰুখুটী কৃষি প‌্ৰকল্পৰ ওচৰৰ ৰাজাপুখুৰী গাৱত। ভাগ্য ভাল যে মোৰ বাইক খনৰ স্পীড ২০ পৰা ৩০ ৰ ভিতৰত আছিল। ৰাস্তাৰ বিপৰীত ফালৰ পৰা আহি থকা দুটা গৰুৱে হঠাতে মোৰ ফালে দৌৰি আহি মোক বগৰাই পেলালে আৰু মোৰ বাও হাতৰ কান্ধৰ টেমিটো বেয়াকৈ ফাটি গ’ল।সিমানলৈ ঠিকেই আছিল কিন্তু কেনা আৰম্ভ হ’ল ডাক্তৰৰ ওচৰ পোৱাৰ পিছৰ পৰা।এক্স ৰে কৰাৰ পিছত ডাক্তৰে ক’লে অপাৰেশ্যন বা প্লাষ্টাৰ যিকোনো এটাত ঠিক হৈ যাব। অপাৰেশ্যনত ষাঠি হাজাৰ টকা পৰিব আৰু প্লাষ্টাৰত সকলো মিলি দুই হাজাৰ টকা খৰছ পৰিব। মই প্লাষ্টাৰকেই বাছনি কৰিলো। কাৰণ টকাৰ সঙ্কট। প্লাষ্টাৰ হ’লে সপ্তাহৰ মুৰে মুৰে ডাক্তৰৰ ওচৰলৈ চেক্ আপৰ বাবে গৈ থাকিব লাগিব আৰু প্ৰতি বাৰতে এক্স ৰে কৰাব লাগিব। মোৰ গাঁৱৰ পৰা ডাক্তৰ জনক লগ কৰিবলৈ মঙ্গলদৈলৈ যাব লাগিব। অহা-যোৱা মিলি প্ৰায় ৮৫ কিলো মিটাৰ। অহা-যোৱা কৰিব লাগিব চাৰি চকীয়া সৰু গাড়ীৰে। সেইখন ল’ব লাগিব ভাড়াত। প‌্ৰতি সপ্তাহৰ খৰছ হৈছে প্ৰায় দুই হাজাৰ টকাকৈ। সমস্যা হৈছে সেই খিনিতেই। মুঠৰ ওপৰত মোৰ আৰ্থিক সঙ্কটে বিপদ সীমা অতিক্ৰম কৰি বাৰুকৈয়ে জুৰুলা কৰিছে।এটি পিছ পৰা অঞ্চলত স্থানীয় ৰাইজৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰি এখনি শিক্ষানুষ্ঠান গঢ়ি তুলি মোৰ নিচিনা বহুতে জীৱন যৌৱন বলিদান দিয়াৰ বাবে অসম চৰকাৰৰ অযৌক্তিক সিদ্ধান্তৰ বলি হ’লো।কেইদিনমান পূৰ্বে সমাপ্ত হোৱা অসম চৰকাৰৰ শীতকালীন অধিৱেশনত জীৱন যান্ত্ৰনাত চটফটাই থকা টিউটৰ সকলৰ সমস্যাৰ সম্পৰ্কত কোনো আলোচনাই স্থান নোপোৱাতো আমাৰ দৰে টিউটৰ সকলৰ বাবে সচাকৈয়ে চিন্তাৰ কাৰণ হৈ পৰিছে।সামান্য এটি বাইক দুৰ্ঘটনাত পতিত হোৱাৰ পিছত বিছনাত থাকিব লগা হোৱাত পৰিয়ালটো পোহপাল দিয়াৰ ক্ষেত্ৰত হোৱা বেমেজালিয়ে মোক পুনৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰিছে। ইতিমধ্যে আমাৰ মাজৰ পৰা কিছুমানে কিয় আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰি আমাৰ মাজৰ পৰা বিদায় লৈছিল তাকো হৃদয়ঙ্গম কৰিব পাৰিছো।নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ সৈতে চৰকাৰ চলোৱাৰ সময়ৰ কাম কাজৰ মিল নথকা আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰি জন সাধাৰণৰ সাঙবিধানিক অধিকাৰ হৰণ কৰোতা ৰাজনীতিবিদ সকলক সময়ে ভালকৈ শিকণী দিয়াৰ নজিৰ অসমৰ সকলোৱে দেখা পাইছে।স্নাতক, স্নাতকোত্তৰ আৰু বি এড্ অৰ্হতা সম্পন্ন টিউটৰ সকলে দৈনিক প্ৰায় ৫০০/-টকাৰ হিচাপত পাৰিশ্ৰমিক পোৱা বিষয়টোৱে অসমত যে শিক্ষাগত অৰ্হতাৰ কোনো মূল্য মন্ত্ৰী,আমোলা বা বিষয়াৰ ওচৰত নাই সেয়া সত্য।এই ক্ষেত্ৰত অসম চৰকাৰে সদিচ্ছা দেখুৱাব বুলি আশা কৰিলো।অন্যথা টিউটৰ হৈ থকা বিষয়টি আমাৰ জীৱনৰ বাবে এক চৰম দুৰ্ঘটনা হিচাপে বিবেচিত হৈ ৰ’ব।