টিউটৰসকল বিএড-টেট উত্তীর্ণ হ’লেহে শিক্ষকলৈ ৰূপান্তৰ হ’বঃ মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- প্রাদেশীকৃত টিউটৰসকলক শিক্ষকলৈ উন্নীতকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই কয় যে টিউটৰসকলক শিক্ষকলৈ ৰূপান্তৰ কৰিবলৈ বিএড আৰু টেট পাছ হ’ব লাগিব। তেনে যোগ্যতা অর্জন নকৰা বাবে উচ্চতম ন্যায়ালয়ে পশ্চিমবংগত ২৬,০০০ শিক্ষকক চাকৰিৰ পৰা বাদ দিয়াৰ নিৰ্দেশ দিছিল। উচ্চতম ন্যায়ালয়ৰ আদেশমৰ্মে টিউটৰসকলে বিএড-টেট পাছ কৰি যোগ্যতা অর্জন কৰাৰ প্ৰয়োজন। ইতিমধ্যে বহুকেইজনে এই যোগ্যতা অৰ্জন কৰিছে। তেওঁলোকক শিক্ষকলৈ উন্নীতকৰণ কৰা হ’ব। যিসকল শিক্ষকে এতিয়াও এই যোগ্যতা অর্জন কৰা নাই তেওঁলোকৰ দৰমহা অলপ বৃদ্ধি কৰা হ’ব। উল্লেখ্য যে প্রাদেশীকৃত মধ্য ইংৰাজী আৰু নিম্ন – প্রাথমিক শিক্ষক (টিউটৰ) সন্থাই গুৱাহাটীত বিক্ষোভ প্ৰদৰ্শন কৰিছিল। শিক্ষকৰ মৰ্যাদা আৰু গ্ৰেছুইটী প্ৰদানৰ দাবীৰে ৰূপায়ণ কৰা এই প্ৰতিবাদৰ মূল দাবী আছিল তেওঁলোকক শিক্ষকলৈ উন্নীত কৰা।