টিংখাঙত ‘অসম দিৱস’ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা 

টিংখাঙত ‘অসম দিৱস’ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা 

ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্রুগড় জিলা প্ৰশাসনৰ সহযোগত আৰু বৃহত্তৰ টিংখাংবাসীৰ আতিথ্যত অনুষ্ঠিত অসম দিৱস (চ্যু-কা-ফা দিৱস)ত মুখ্য অতিথি হিচাপে ভাষণ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে,‘ অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠা কৰি চাওলুং চ্যুকাফাই যি পথ দেখুৱাই গ’ল, সেই পথত অসমীয়া জাতিয়ে আজি আঠ শতিকা অতিক্রম কৰিছে। খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতি মর্যাদা, সংস্কৃতিৰ প্রতি অনুৰাগী স্বৰ্গদেউ চ্যুকাফাই সকলো জাতি-জনগোষ্ঠীৰ পৰা সমল সংগ্ৰহ কৰি এক মহৎ আদৰ্শৰে অসমীয়া জাতি নিৰ্মাণ কৰি গ’ল। বিভিন্ন সময়ত অহা প্রত্যাহ্বান অতি বিচক্ষণতাৰে মোকাবিলা কৰি প্ৰশাসনিক, ৰাজনৈতিক, অর্থনৈতিক দিশত তেওঁ দি যোৱা বৰঙণিয়ে আজি জাতিটোক প্রত্যয়দীপ্তভাৱে আগুৱাই যাবলৈ সাহস আৰু প্ৰেৰণা যোগাইছে। আজি জাতিটোৰ প্রতি বিভিন্ন ভাবুকি আহিছে। কিন্তু আঠ শতিকা অতিক্রম কৰা, এক শক্তিশালী সংস্কৃতি আয়ত্ত কৰা, এটা শক্তিশালী ভাষাৰ অধিকাৰী প্ৰায় তিনি কোটি জনসংখ্যাৰ অসমীয়া জাতিৰ মৃত্যু নাই। এনে এটা জাতি হিচাপে যুগমীয়া হৈ জীয়াই থকাৰ আজি আমি সংকল্প ল’ব লাগিব।’  মুখ্যমন্ত্ৰীয়ে লগতে কয় যে নৃগোষ্ঠীসমূহক আস্থাত লৈ ৰাজকীয় শাসন ব্যৱস্থাৰ সূচনা কৰি চ্যুকাফাই শাসন প্রণালী, ৰাজনৈতিক দর্শন আৰু জাতিগঠন প্রক্রিয়াক এক বিশাল পৰিসৰেৰে সামৰি লোৱাৰ ফলত এই ভূখণ্ডৰ ভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাতাৱৰণ গঢ়ি উঠিছিল। কৃষি ক্ষেত্রলৈ চ্যুকাফাৰ মহান অৱদান আছিল বুলি মন্তব্য কৰি তেওঁ কয় যে স্থায়ী কৃষিকার্য আৰু বসবাসৰ বাবে ভূমি নির্বাচন কৰোঁতে কেনেবোৰ দিশৰ ওপৰত গুৰুত্ব দিব লাগিব সেই সম্পর্কে স্বৰ্গদেউ চ্যুকাফা গভীৰ জ্ঞানেৰে চহকী আছিল। চ্যুকাফাই পূব অসমৰ গ্ৰাম্য জীৱনৰ স্বৰূপ সলনি কৰি পেলালে আৰু জনসাধাৰণক এনে এক, সৰল জীৱিকাৰ পদ্ধতি প্রদান কৰিলে যি এক সমৃদ্ধিশালী অসমৰ বাট মোকলাই দিলে বুলিও মুখ্যমন্ত্রীয়ে কয়। তেওঁ কয় যে কৃষিৰ উপৰি চ্যুকাফাৰ আন এক অৱদান আছিল ৰেচম শিল্পত। চ্যুকাফাৰ দিনৰ পৰাই অসমীয়া ৰেচম, মুগা আৰু পাট প্রস্তুত কৰাৰ এটা সমৃদ্ধিশালী পৰিৱেশ অসমত গঢ় লৈ উঠিল আৰু ই এনেদৰে গঢ় লৈ উঠিল যে আহোম ৰাজত্বৰ কালছোৱাত অসমীয়া মানুহে বাহিৰৰ পৰা সাজ-পোছাক আমদানি কৰাৰ প্ৰয়োজন হোৱা নাছিল বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে কয় যে বিভিন্ন জাতি-জনগোষ্ঠীক লৈ মহামিলনৰ এক পৰিৱেশ গঢ়াৰ বাবে চ্যুকাফাই দি যোৱা অৱদানেৰে আজি অসমীয়া জাতি সমৃদ্ধ হৈ উঠিছে। ভাষণ প্রসংগত শিক্ষা সংস্কৃতিৰ প্ৰসাৰৰ মাজেৰে জাতিটোক বিশ্ব দৰবাৰলৈ আগবঢ়াই নিব লাগিব বুলি মত প্রকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে যোৰহাটত সুউচ্চ লাচিত বৰফুকনৰ প্ৰতিমূর্তি অহা ফেব্ৰুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শুভ উদ্বোধন কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। লগতে ২০২৫ৰ ৭ এপ্ৰিলত ২৫ হাজাৰ বিহুৱা-বিহুৱতীয়ে দিল্লীত বিহু প্রদর্শন কৰি বিশ্ব অভিলেখ গঢ়াৰ কথাও অৱগত কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্ৰীয়ে অসম দিৱসৰ লগত সংগতি ৰাখি প্রকাশ কৰা এখন স্মৃতিগ্রন্থ উন্মোচন কৰাৰ লগতে সমাজ জীৱনৰ বিভিন্ন ক্ষেত্রলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিক সম্বর্ধনা জ্ঞাপন কৰে।এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়া, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্রী যোগেন মহন, শ্রম আৰু নিয়োগ আদি বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ, শ্ৰম আৰু নিয়োগ, পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রালয়ৰ কেন্দ্রীয় ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলী, বিধায়কসকল ক্রমে প্রশান্ত ফুকন, তৰংগ গগৈ, চক্ৰধৰ গগৈ, তেৰছ গোৱালা, বিনোদ হাজৰিকা, ধৰ্মেশ্বৰ কোঁৱৰ, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল প্রমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।