টাৰ্নিং পইন্ট – স্বাগতা বৰুৱা গোস্বামী

টাৰ্নিং পইন্ট

স্বাগতা বৰুৱা গোস্বামী

সকলো মানুহৰে কিছুমান একান্তই ব্যক্তিগত কথা থাকে।কিন্তু সেই ব্যক্তিগত কথাখিনি নিৰ্দিষ্ট এটা সময়লৈকেহে ব্যক্তিগত হৈ থাকে। ব্যক্তিগত কথা খিনি কেৱল যে প্ৰাপ্ত বয়স্ক সকলৰ মাজতে থাকে তেনে নহয়। সৰুৰ পৰা ডাঙৰলৈকে সকলোৰে মাজত এই ব্যক্তিগত কথা থাকে।সৰু ল’ৰা-ছোৱালীৰ বিলাকৰ মাজত আকৌ sceret শব্দটোয়ে খুবেই আমোদ দিয়ে।তেওঁলোকৰ বাবে ৰবৰ এদালৰ আদান প্ৰদানটোও এটা secret কথাই হৈ পৰেগৈ।বয়স বাঢ়ি অহাৰ লগে লগে ইয়াৰ ওজনটো বাঢ়ি গৈ থাকে।আমাৰ সমাজত কেতিয়াবা দুই পক্ষৰ মাজত হোৱা কথোপকথনত তৃতীয় পক্ষৰ কথা আহিলেই তোমাৰ আৰু মোৰ মাজৰ কথালে আহি যায়েই নহয়।বাৰু যিকি নহওঁক বিয়াৰ পিছত স্বামী আৰু স্ত্ৰীৰ মাজতো এনেকুৱা বহুত কথা থাকে।তেনে এটা কথা আজি আপোনালোকৰ আগত ক’বলৈ মন গৈছে।আগতেই কৈছো যে কিছু ব্যক্তিগত কথা কেৱল এটা সময়লৈকেহে ব্যক্তিগত হৈ থাকে।সমস্যাৰ সমাধান হ’লে ব্যক্তিগত কথা আনৰ লগত বিনিময় কৰিবলৈ ভাল লাগে।তেনে এটা কথা আজি বিনিময় কৰিবলৈ মন গ’ল।

২০২০ চন।এটি ভয়ংকৰ সময়।চাৰিওফালে কভিডৰ বিভীষিকা।এফালে কৰ্মৰ চিন্তা আনফালে কভিড হ’ব বুলি চিন্তা।প্ৰথম সম্পূৰ্ণ লকডাউন।মানুজনৰ চাকৰি ব্যক্তিগত খণ্ডত হোৱাৰ বাবে সম্পূৰ্ণ লকডাউনত প্ৰথমে অলপ সময় একেলগে অতিবাহিত কৰি ভালেই লাগিছিল।লাগিল লেঠা তাৰপিছতহে।আহি গ’ল ৰাতিপুৱাৰ পৰা গধুলিলৈকে কভিডৰ সময়ত জনপ্ৰিয়তা লাভ কৰা work from homeৰ। কভিডৰ সময়ত আৰু কেইটামান শব্দই জনপ্ৰিয়তা লাভ কৰিছিল যেনে quarantine,social distance,musk,sanitizer ইত্যাদি।সকলোৰে মনতে আছে চাগৈ।কৰ্মক্ষেত্ৰত প্ৰত্যেক দিনাই নতুন নতুন নিয়ম।তাৰপিছত আহিল কিছুমান ব্যক্তিগত খণ্ডৰ ব্যৱসায়িক প্ৰতিষ্ঠানে তেওঁলোকৰ কৰ্মচাৰীক ‘hold’ ত থোৱা,সময় ভাল হলে আকৌ মাতিম ইত্যাদি ইটো-সিটো বহুতো।তাতে নাম আহিল আমাৰ মানুহজনৰ।খুবেই মনতো বেয়া লাগিল।নিস্থাৰে সকলো কাম সম্পাদন কৰা মানুহজনক’Hold’ ত থোৱাৰ কাৰণটো আজিকোপতি ভাবি নাপালো,ভাবি নাপালো কাৰ ষড়যন্ত্ৰৰ বলি হ’ল মানুজন।কথাবোৰ আমি কাকো ক’ব পৰা নাছিলো।কাৰণ এই কথা জানিলে সকলো চিন্তাত পৰিব,খোৱা-শোৱা নাইকিয়া হ’ব এনে সময়ত থকা চাকৰিটো নাইকিয়া হ’লে কি হ’ব,ক’ত নিযুক্ত হ’ব,এই সময়ত কোনে ল’ব মুঠৰ ওপৰত এশ এবুৰি চিন্তা।ছোৱালীজনীৰ মুখলৈ চালে আমাৰ চকুৰ পৰা লোতক বাগৰে,লগতে ৭৫ টা বসন্তই গৰকা শাহুমা।কি কৰিম ভাবি থাকোতেই বৰুৱা চাৰে আমাক এটি সুন্দৰ ঠিকনাৰ আশ্বাস দিলে।ঠিকনাৰ পম খেদি মানুহজন উপস্থিত হ’ল দেৱতা সদৃশ টিব্ৰেৱাল চাৰৰ দুৱাৰত।তেওঁ আমাক বিশ্বাস দিলে।মহন্ত চাৰে দিলে উৎসাহ,চৌধুৰী চাৰ, দাস দাকে আদি কৰি বাকি সকলোৱে মিলি আগবঢ়ালে সহায়ৰ হাত।তাৰ লগে লগে মানুহজনে যোগ কৰিলে কষ্টক।আশ্বাস +বিশ্বাস +উৎসাহ+কষ্ট=সফলতা।আজি মানুজন যি অলপ সফল হৈছে কৰ্মক্ষেত্ৰখনত এই সকলোবোৰৰ সংমিশ্ৰণতহে। এই খিনিতে আকৌ আমাৰ চহকী ভাষাটোৰ দুষাৰমান কথালৈ মনত পৰিছে।’যি হয় ভালৰ কাৰণেই হয়’,’গোৰ মাৰি গংগাত পেলোৱা’ আদি । আমাৰ ক্ষেত্ৰত এই কেইটা কথা যেন নিৰ্ঘাত ফলিয়াইছে।তেতিয়াৰ পৰা এতিয়ালৈকে সুন্দৰ ভাবেই দিনবোৰ গৈ আছে।আগলৈ আৰু ভাল হোৱাৰ আশাৰে নেদেখাজনৰ ওচৰত নতশিৰ।ব্যক্তিগত কথাবোৰ মানুজনৰ সফলতা দেখাৰ দিনা মনত পৰি চকুৰ পৰা যেন এধাৰি মুকুতাৰ মালাৰ নিগৰি আহিছিল।