টালিগঞ্জত থকা ভূপেন হাজৰিকাৰ বাসগৃহ ঐতিহ্যমণ্ডিত স্থান হিচাপে সংৰক্ষণৰ দাবী ৰিপুণ বৰাৰ

টালিগঞ্জত থকা ভূপেন হাজৰিকাৰ বাসগৃহ ঐতিহ্যমণ্ডিত স্থান হিচাপে সংৰক্ষণৰ দাবী ৰিপুণ বৰাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত দিলীপ কুমাৰ শৰ্মাই মঙলবাৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ সৈতে বৈঠকৰ সৱিশেষ সংবাদমেলত দাঙি ধৰে।শৰ্মাই আগন্তুক লোকসভা নিৰ্বাচনত ‘ইণ্ডিয়া’ মৰ্চাৰ অংশীদাৰ দল হিচাপে ৫ খন আসন বিচৰাৰ সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ মাজৰ বৈঠকত সিদ্ধান্ত হোৱা বুলি সংবাদমেলত সদৰি কৰে।আনহাতে অহা নৱেম্বৰ মাহত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক অসমলৈ আহিবলৈ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰস্তাৱ আগবঢ়োৱাৰ কথা শৰ্মাই লগতে সদৰি কৰে।আনহাতে পশ্চিমবংগৰ টালিগঞ্জত থকা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বাসগৃহটো ঐতিহ্যমণ্ডিত স্হান হিচাপে ঘোষণা কৰি উন্নত ৰূপত সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ পশ্চিমবংগ চৰকাৰৰ ওচৰত ৰিপুণ বৰাই দাবী জনোৱাৰ কথাও অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ শৰ্মাই প্ৰকাশ কৰে।এই ক্ষেত্ৰত ইতিমধ্যে পশ্চিমবংগ চৰকাৰে ড° হাজৰিকাৰ বাসগৃহটো ক্ৰয় কৰি নিজৰ অধীনলৈ অনা বুলি সংবাদমেলত মন্তব্য কৰে শৰ্মাই। বিষয়টো সন্দৰ্ভত সভাপতি ৰিপুণ বৰাই টালিগঞ্জৰ বিধায়ক তথা পশ্চিমবংগ চৰকাৰৰ শক্তি মন্ত্ৰী অৰূপ বিশ্বাসৰ লগতো মিলিত হৈ আলোচনা কৰে। শৰ্মাই প্ৰকাশ কৰা অনুসৰি উক্ত বাসগৃহত বিগত ৮ ছেপ্টেম্বৰত ক’লকাতাত থকা অসম এছ’চিয়েছনৰ তৰফৰ পৰা ড° ভূপেন হাজৰিকাৰ জন্মদিনো পালন কৰিছে। বিগত এবছৰে সভাপতি ৰিপুণ বৰাই টালিগঞ্জৰ বাসগৃহটো ঐতিহ্যমণ্ডিত স্হান হিচাপে ঘোষণা কৰি সংৰক্ষণ কৰাৰ বাবে পশ্চিমবঙ্গ চৰকাৰৰ সৈতে যোগাযোগ কৰি অহা বুলিও মন্তব্য কৰে শৰ্মাই।’ড° ভূপেন হাজৰিকা অসমৰ আবেগ, অসমৰ সন্মান। তেওঁৰ ক’লকাতাৰ বাসগৃহটো সন্মান সহকাৰে সংৰক্ষণ হোৱাটো সকলোৰে কাম্য। আৰু যিহেতু অসমৰ লগতে পশ্চিমবংগৰ ৰাইজৰো নয়নৰ মণি আছিল ড° হাজৰিকা, সেয়ে পশ্চিমবঙ্গ চৰকাৰে সংৰক্ষণৰ কামটো আগবঢ়াই নিলেও সকলোৱে ভাল পাব। আৰু এই ক্ষেত্ৰত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ উদ্যোগত লোৱা পদক্ষেপৰ বাবে মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জী অসমবাসীৰ ধন্যবাদৰ পাত্ৰ,’ দিলীপ শৰ্মাই কয়।শৰ্মাই লগতে মধুপুৰ সত্ৰৰ উন্নয়নৰ বাবেও ৰিপুণ বৰাই পশ্চিমবঙ্গ চৰকাৰৰ ওচৰত দাবী জনোৱাৰ কথাও উল্লেখ কৰে।উক্ত সংবাদমেলতে বক্তব্য ৰাখি অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক (প্ৰশাসন) গজেন্দ্ৰ প্ৰসাদ উপমন্যুয়ে মধুপুৰ সত্ৰৰ উন্নয়নৰ বাবে সভাপতি ৰিপুণ বৰাই জনোৱা দাবী সমূহৰ বিষয়ে বিতংকৈ কয়।সভাপতি ৰিপুণ বৰাই ’মধুপুৰ সত্ৰক ইক’ আৰু ধৰ্মীয় পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দাবী জনায়। লগতে সত্ৰীয়া কলা-সংস্কৃতিৰ কেন্দ্ৰস্থল হিচাপেও দাবী জনায়। সত্ৰলৈ অহা ভক্ত আৰু তীৰ্থযাত্ৰীসকলৰ থকাৰ সুবিধাৰ ব্যৱস্থা কৰিবলৈও বৰাই দাবী জনাইছে। আনহাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰীয়া কলা-সংস্কৃতিৰ, সাহিত্যৰাজিৰ উপযুক্ত সংৰক্ষণৰ বাবে এটি পুথিভৰাল সংলগ্ন সংগ্ৰহালয় নিৰ্মাণৰো দাবী জনায়,’গজেন্দ্ৰ প্ৰসাদ উপমন্যুয়ে কয়৷উল্লেখ্য যে ছেদেলি ভেদেলি অসমীয়া সমাজখনক একত্ৰিত কৰি অসমীয়া জাতি প্ৰতিষ্ঠা কৰা গুৰুত্বপূৰ্ণ ভূমিকা লোৱা শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণ হৈছিল এই মধুপুৰ সত্ৰত। শংকৰদেৱৰ লগত থকা সম্পৰ্কৰ বাবে এই সত্ৰৰ সৈতে অসমবাসীৰ বিশেষ আবেগ জড়িত হৈ আছে।আজিৰ সংবাদমেলত অসম তৃণমূল কংগ্ৰেছৰ কোষাধ্যক্ষ ঘনকান্ত চুতীয়া আৰু অসম তৃণমূল যুৱ কংগ্ৰেছৰ উপ সভাপতি তথা ৰাজ্যিক মুখপাত্ৰ তথা মিডিয়া সমন্বয়ক অসীম মল্ল বুজৰবৰুৱাও উপস্থিত থাকে।