টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ  আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ  আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ জাগীৰোডত টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ  ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টাটা গ্ৰুপে নিৰ্মাণ কৰিব এই প্ৰকল্প।  টাটা গ্ৰুপে ২৭ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিব এই ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ, য’ত ৩০ হাজাৰৰো অধিক নিয়োগ সৃষ্টিৰ সম্ভাৱনা আছে।এই প্ৰকল্প নিৰ্মাণৰ বাবে চৰকাৰে জাগীৰোডৰ কাগজকলৰ ভূমি সাজু কৰিছে । এই প্রকল্পৰ উৎপাদন ক্ষমতা হ’ব প্রতিদিনে ৪৮ মিলিয়ন ।এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘‘আজিৰ এই দিনটো এক ঐতিহাসিক দিন। আজি আমি ইতিহাস ৰচনা কৰিছো, উজ্জ্বল ভৱিষ্যতৰ দিশে এক ডাঙৰ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছো। আজি ছেমি কণ্ডাক্টৰ মেনুফেকচাৰিঙৰ সৈতে জড়িত তিনিটা ডাঙৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন হ’ল। অসমৰ মৰিগাঁৱত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ সুবিধাই ভাৰতক ছেমি কণ্ডাক্টৰ মেনুফেকচাৰিঙৰ বৃহৎ গ্ল’বেল হাব কৰি তোলাত সহায় কৰিব। মই দেশবাসীক এই গুৰুত্বপূৰ্ণ আৰম্ভণিৰ বাবে আৰু শক্তিশালী পদক্ষেপৰ বাবে অভিনন্দন জনাইছো।’’উল্লেখযোগ্য যে জাগীৰোডৰ বিশাল জনসভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৱত উন্নয়ন সম্ভৱ হৈছে বুলি মন্তব্য কৰে। লগতে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, টাটা গ্রুপকো ধন্যবাদ জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।