টকিঅ’ অলিম্পিকত ভাৰতীয় আৰ্চাৰ দীপিকা কুমাৰীৰ পদক লাভৰ সম্ভাৱনা

pc Olympics

অনলাইন বাৰ্ত্তাসেৱা – এটা মন্তব্যত দেশৰ প্ৰাক্তন আৰ্চাৰ ডোলা বেনাৰ্জীয়ে প্রকাশ কৰে এইবাৰ টকিঅ’ অলিম্পিকত ভাৰতীয় এথলীটসকলৰ ভিতৰত আৰ্চাৰ দীপিকা কুমাৰীৰ পদক লাভৰ সম্ভাৱনা অধিক। এক সাক্ষাৎকাৰত প্ৰাক্তন খেলুৱৈগৰাকীয়ে কয় যে বর্তমান দীপিকা আছে ফৰ্মৰ শীৰ্ষত। পেৰিছত অনুষ্ঠিত বিশ্বকাপ আৰ্চাৰীত দীপিকাই তিনিটা স্বর্ণপদক অর্জন কৰিবলৈ সক্ষম হৈছে৷ একেদৰে এই প্ৰদৰ্শনৰ বাবে বিশ্বক্ৰমৰ ১নং স্থানত উপনীত হৈ এইবাৰ মানসিকভাৱে যথেষ্ট শক্তিশালী ৰূপত তেওঁ অলিম্পিক প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। অলিম্পিকৰ পুর্বে বিশ্ব চেম্পিয়নশ্বিপত তিনিটাকৈ স্বর্ণপদক দখল কৰি তেওঁ নিজৰ শক্তিশালী ফৰ্মৰ উমান দিছে। সেয়ে এই মুহূৰ্তত দীপিকাৰ আত্মবিশ্বাস তুংগত আছে। টকিঅ’ অলিম্পিকত সেয়ে এইবাৰ দীপিকাই ব্যক্তিগত তথা দলীয় শাখাত পদক জয় কৰিব পাৰিব। উল্লেখ্য যে অলিম্পিকত এই পর্যন্ত ভাৰতৰ কোনো ধনুর্বিদে পদক জয় কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে এইবাৰ দীপিকাৰ দ্বাৰা দেশে এটা অলিম্পিকৰ পদক লাভ কৰাৰ সম্ভাৱনা অধিক বুলি মন্তব্য কৰিলে ডোলা বেনাৰ্জীয়ে।

(UT.)