টকিঅ’ত উপস্থিত প্রধানমন্ত্রী মোদী

টকিঅ’ত উপস্থিত প্রধানমন্ত্রী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া ভ্ৰমণসূচীৰে জাপানত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ টকিঅ’ত ভাৰত-জাপান যৌথ অর্থনৈতিক মঞ্চত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়- বিশ্বই ভাৰতলৈ বৰ আশাৰে বাট চাই আছে। ভাৰতৰ উন্নয়নৰ যাত্ৰাত জাপান সদায় এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আহিছে। মেট্র’ ৰে’লৰ পৰা নিৰ্মাণ খণ্ডলৈ, অর্ধপৰিবাহীৰ পৰা ষ্টার্টআপলৈকে জাপানী কোম্পানীয়ে ভাৰতত ৪০ বিলিয়ন মার্কিন ডলাৰতকৈতও অধিক বিনিয়োগ কৰিছে। প্রধানমন্ত্রী মোদীয়ে আৰু অধিক জাপানী কোম্পানীক ভাৰতত বিনিয়োগ কৰিবলৈ আহ্বান জনাই কয় যে ভাৰতত মূলধন কেইবাগুণো বৃদ্ধি পাইছে। বৰ্তমান ভাৰতৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত সুস্থিৰ পৰিৱেশ বিৰাজ কৰিছে। কিয়নো বৰ্তমান চৰকাৰৰ নীতি স্পষ্ট। ভাৰত এতিয়া বিশ্বৰ আটাইতকৈ দ্রুতগতিত বৃদ্ধি পোৱা অর্থনীতি। অতি সোনকালে ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’ব। প্ৰতিৰক্ষা আৰু মহাকাশৰ পিছত এতিয়া পাৰমাণৱিক খণ্ডত ব্যক্তিগত বিনিয়োগৰ পথো মুকলি হৈছে। জাপানত থকা ভাৰতীয় ৰাষ্ট্ৰদূত চিবি জর্জে দুয়োখন দেশৰ ৰাষ্ট্ৰপ্রধানে দ্বিপাক্ষিক আলোচনাই নহয়, কোৱাৰ্ডৰ দৰে বিষয়টো মিলিত হ’ব বুলি কয়। জাপান ভ্ৰমণৰ পিছত ৩১ আগষ্টত চীন ভ্রমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । ২০২০ চনত গালৱানৰ সংঘৰ্ষৰ পিছত প্ৰথমবাৰলৈ চীন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। মার্কিন ৰাষ্ট্ৰপতিয়ে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ বিৰোধিতা কৰি ভাৰতৰ পক্ষত থিয় দিছে চীনে। এনে পৰিপ্ৰেক্ষিতত মোদীৰ ভ্ৰমণৰ প্ৰতি বিশ্বৰ মনযোগ বৃদ্ধি পাইছে। চীনে আনকি মার্কিন প্রশাসনৰ সিদ্ধান্তক মুকলিকৈ সমালোচনাও কৰিছে। ভাৰতৰ সৈতে চলি থকা সংঘাতক একাষৰীয়া কৰি আমেৰিকাৰ মুখামুখি হ’বলৈ নতুন দিল্লীয়ে নিজৰ পক্ষ লোৱাটো বিচাৰে বেইজিঙে। ৰাজনৈতিক মহলে দাবী কৰা মতে, বেইজিঙে দুয়োখন দেশৰ মাজৰ কূটনৈতিক বিবাদ বন্ধ কৰিবলৈ আগ্রহ প্রকাশ কৰিছে। এনে  পৰিস্থিতিত প্ৰধানমন্ত্ৰী মোদী আৰু জিনপিঙে এখন অতি গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব। কেৱল চীনৰ ৰাষ্ট্ৰপতিয়েই নহয়, এছচিঅ’ সন্মিলনৰ সময়ত বেইজিঙত একেদিনাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনকো সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।