” টকা ” ( পইচা )
টকাই আনন্দ টকাই বিষাদ
টকাই দিয়ে বহুতকে সংঘাত ।
টকাই গঢ়ে জীৱন সুন্দৰ
টকাই ভাঙে সংসাৰ বহুতৰ ।
টকাই চলাই জীৱনৰ সকলো
টকা অবিহনে নহয় একো ।
টকা পিছতে ঘূৰো আমি
টকাৰেই যাওঁ সপোন ৰচি।
টকা অর্জন যদি সৎ পথৰ
টকাৰ মূল্য সিজনে জানে ।
টকাৰ মূল্য অসৎ পথৰ
টকাক বুজেই বা কেইজনে।
টকাই কৰে ঠাই উন্নত
টকাই জন্ম মৃত্যুৰ কৰ্ম ঘটে ।
টকাই আজি মানৱ সমাজৰ
টকাই প্ৰতিদিনে যেন নাতে ।
টকাৰ অপব্যয় অহিতকৰ হলে
টকাই নিদিয়ে যেন সুফল।
টকাৰ আয় চাইহে ঘটিব যদি
টকাই দিব আনন্দ সাহস বল।
টকাই কিন্তু কিনিব নোৱাৰে
প্ৰকৃত প্ৰেম, বিশ্বাস, মৰম আৰু সুখ ।।
মনোজ বৰা
যোৰহাট
যোৰহাট