টকা – দিপ্তী মনি গোস্বামী

টকা

 দিপ্তী মনি গোস্বামী, লখিমপুৰ

ট’ টোত কা’ লগ হৈ টকাটো হয়
টকাটোৱে যে কি নকয়!
টকা হলেই সকলো হয়
দুৰ্লভতা নেওচি সকলোবোৰ সুলভ হয়।
টকাই সকলো কিনিব পাৰে
টকাই সকলো বেচিব পাৰে,
টকাৰ কৱলত পৰিয়েই
ক’ৰবাত মৰমবোৰ আঠৰুৱা হয়
ক’ৰবাত আকৌ মৰমবোৰ এঙেৰুৱা হয়
পৰিবেশ পৰিস্থিতি মানসিকতা সাপেক্ষে।
টকাই দিব পাৰে মান-সন্মান
লগতে আভিজাত‍্যৰ আয়ুষ্মান,
টকাই সভ‍্যতাবোৰ চহকী কৰে
পৰম্পৰাবোৰেহে নিৰৱে চকুলো টুকে।
টকাই খাদ‍্যভাষবোৰ ৰুগীয়া কৰে
ককা-আইতাৰ নিদানবোৰ
বিগ্ৰহৰ সমূখৰ বাহীফুল হৈ পৰে।
টকাই উঁৱলি যোৱা মানৱ সজাটোত ও
সঞ্জীৱনী সুধা ঢালিব পাৰে
মাথোঁ জীৱ কোষৰ ভিতৰত
জীৱন এটাহে সংৰোপণ কৰিব নোঁৱাৰে।