টকা – এছ ইছলাম

টকা
এছ ইছলাম, শিক্ষক, বৰপেটা
তোমাৰ অবিহনে
একো কৰিব নোৱাৰোঁ
গাড়ী ঘৰ বাৰী
মাটি ভেটি অট্টালিকা
আনকি ভগা জুপুৰী।
তোমাৰ অবিহনে
একো হ’ব নোৱাৰোঁ
উকিল হাকিম বেৰিষ্টাৰ
কৃষক বাদশাহ জমিদাৰ।
তোমাৰ অবিহনে
সমাজত নাথাকে মান
জীয়াই থকা টান
তুমিয়ে এই ধৰণীৰ
সাক্ষাৎ ভগৱান।
তোমাৰ অবিহনে
কাৰাগাৰত বাসস্থান
পথৰ ভিকাৰী
কৰোঁ দিন মজুৰি
আজি কালি ধনেই
আলাউদ্দিনৰ বন্তি।