টকা – ইভা গন্ধীয়া ফুকন

টকা
ইভা গন্ধীয়া ফুকন, ডিব্ৰুগড় 
টকাৰ প্ৰয়োজন আছে সকলোৰে
টকাৰ বিহনে জীৱন নচলে
টকা হ’ল হাতৰ মলি
কৰ্ম কৰি দুহাতে  বগা টকা বুটলি ল’লে
পোৱা যায় পৰম সন্তুষ্টি
কলা টকাৰ পাহাৰে
সুখ শান্তি নিয়ে হৰণ কৰি
সকলো বস্তু কিন্তু টকাৰে কিনিব নোৱাৰি
টকাৰ মূল্য দিনক দিনে কমিহে গৈছে
হাজাৰ টকাটো যেন এশ টকা হ’ল
এটকা দুটকা ইতিহাস হ’ল
সকলোৰে থাকে টকাৰ আকুলতা
টকাৰ লালসাত বিক্ৰী হয় মনুষ্যত্ব
পেটৰ ক্ষুধা নিবাৰণৰ হেতু বিক্ৰী হয় সতীত্ব
বস্তুৰ চৰা দাম, সামান্য টকাৰে জোৰাব নোৱাৰি
ঋণৰ টকাৰে জীৱন কটাও বিলাসী
নবজাত শিশুৰো বোলে
লাগি আহে কেইবা হাজাৰ টকাৰ ঋণ
এই ঋণৰ টকা পৰিশোধ হ’ব কেনে কৰি
তাৰ কথা ভাবিলে হয় মূৰৰ ঘূৰণি
দুখীয়া বুলি কিছুয়ে পায় চৰকাৰী আঁচনিৰ টকা
মধ্যবিত্ত সকলৰ তাৰো মুদা মৰা
টকা টকা আৰু টকা সকলোকে লাগে মাথোঁ টকা !