ঝাৰোবড়ী আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষকৰ ময়- মতালি, ব্যহত শিক্ষাৰ্থীৰ পাঠদান 

ঝাৰোবড়ী আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষকৰ ময়- মতালি, ব্যহত শিক্ষাৰ্থীৰ পাঠদান 

গণবাৰ্তা, মিৰ্জা, ৰঙিলী বাৰ্ত্তাসেৱা– শিক্ষা ক্ষেত্ৰৰ অগ্ৰগতিৰ সময়তে বাস্তৱত শিক্ষনুষ্ঠানৰ ফপোলা স্বৰূপ ৷ বিদ্যালয়লৈ আহিল-সহ শিক্ষক তথা ছাত্ৰ-ছাত্ৰী কিন্তু নাহিল প্ৰধান শিক্ষক আৰু চকীদাৰ ৷প্ৰধান শিক্ষক সুুকুমাৰ কান্ত বশিষ্ঠৰ নিজস্ব বন্ধ ঘোষণা ৷ শনিবাৰ ৰাতিপুৱাৰ সময় ৯ বাজি ৩৩ মিনিট হৈছে কিন্তু বিদ্যালয়ৰ গেটত তলা মৰা ৷ গেটৰ পৰাই ঘৰলৈ উভতিবলগীয়া হ’ল শিক্ষাৰ্থী -শিক্ষক। এই ঘটনা সংঘটিত হৈছে পলাশবাৰীৰ ঝাৰোবড়ী আঞ্চলিক হাইস্কুলত, প্ৰধান শিক্ষকৰ ময়-মতালিৰ ফলস্বৰূপে দুখমনে উভতিল শিক্ষাৰ্থী।যি সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে সেই সময়তে সকলো নীতি উলংঘা কৰি নিজৰ ময় মতালিৰে বিদ্যালয় বন্ধ-খোলাৰ সিদ্ধান্ত লয় প্ৰধান শিক্ষক গৰাকীয়ে ৷এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব বিভাগীয় কতৃপক্ষই তথা চৰকাৰ প্ৰশাসনে সেয়া হ’ব লক্ষণীয়৷