ঝাৰোবড়ীত আঞ্চলিক সদস্য (কাউন্সিলাৰ)পদৰ নিৰ্দলীয় প্ৰাৰ্থী ধনঞ্জয় দাস(ধন)ৰ নিৰ্বাচনী কাৰ্যালয় মুকলি
শাসকৰ ধনবল,কূট-কৌশলক ওফৰোৱাৰ সংকল্প
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- ৫ নং ছয়ানী-ৰাণী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত ৫২ নং বাঢ়ন্তী মণিয়েৰী পাৰাকুছি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য (কাউন্সিলাৰ)পদৰ ৰাইজৰ মনোনীত নিৰ্দলীয় প্ৰাৰ্থী ধনঞ্জয় দাস(ধন)। পঞ্চায়ত নিৰ্বাচনৰ বাবে তেওঁৰ সকলো ধৰণৰ প্ৰচাৰ কাৰ্য তথা নিৰ্বাচনী কাম-কাজ চলাই নিয়াৰ বাবে আজি ঝাৰোবড়ীত এটি নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয়।এই কাৰ্যালয়টো মুকলি কৰে বিএছএনএলৰ প্ৰাক্তন বিষয়া অমৃত দাসে। তেওঁ ধনঞ্জয় দাসৰ বিজয় হোৱাৰ আশীৰ্বাদ জ্ঞাপন কৰে। অঞ্চলটোৰ ৰাইজে তেওঁক ইতিমধ্যেই সমৰ্থন দিছে বুলি কয়। লেখক উমানন্দ শালৈ, প্ৰাক্তন পঞ্চায়ত সভাপতি-সৰবৰহী ব্যক্তি বিপুল কুমাৰ চৌধুৰী আৰু ব্যৱসায়ী হীৰেণ শালৈয়ে আঁত ধৰা এই নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানত ঝাৰোবড়ী আঞ্চলিক হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক কামিনী কান্ত দাস,এএছইবিৰ প্ৰাক্তন বিষয়া ভাৰত কলিতাই ভাষণ দি ধনঞ্জয় দাসৰ বিজয় নিশ্চিত বুলি কয়। বহু বছৰৰ মূৰত ঝাৰোবড়ীত সামাজিক কামত লাগি থকা এজন ভদ্ৰ প্ৰাৰ্থী পোৱা বুলি তেওঁলোকে উল্লেখ কৰে। প্ৰাৰ্থী ধনঞ্জয় দাসেও এই যুঁজত নিশ্চয়কৈ জয়ী হ’ব বুলি আশা প্ৰকাশ কৰে। তেওঁক ঝাৰোবড়ী অঞ্চলটোৰ ক্লাৱ,দল সংগঠন,ব্যৱসায়ী,লেখক,সচেতন লোক আদিয়ে সমৰ্থন দি আহিছে বুলি উল্লেখ কৰে। এই নিৰ্বাচনী কাৰ্যালয়ৰ মুকলি অনুষ্ঠানত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তৰুণ কলিতা,বিশিষ্ট ব্যক্তি চবিন মালী,অন্নদা চাৰণ দাসকে ধৰি বহুকেইজন ব্যৱসায়ী,ক্লাৱৰ সদস্য, বিজেপি কৰ্মী,মহিলা উপস্থিত থাকে। লগতে ৫ নং ৱাৰ্ডৰ সদস্য প্ৰাৰ্থী জিতুমণি দাস,নিউজ লাইভৰ সংবাদকৰ্মী ৰাজীৱ দাস, সুৰেন দাস,জীতেন শালৈ,নৃপেন দাস,বিমল শালৈ,জনক হাজৰিকা,যুৱ নেতা জীতু দাস,ফুলমণি দাস,সঞ্জীৱ হাজৰিকা,নয়ন মজুমদাৰ,নগেন চন্দ্ৰ দাস,কুশল দাস,তিলক দাস,প্ৰদীপ দাসে অংশগ্ৰহণ কৰে। প্ৰায় দহ হাজাৰ ভোটাৰ থকা এই পঞ্চায়তত এইবাৰ ধনঞ্জয় দাস,পৰেশ চন্দ্ৰ দাস আৰু কৌশিক তালুকদাৰৰ মাজত ত্ৰিকোণীয়া এখন যুঁজ হ’ব বুলি ৰাইজে জানিবলৈ দিয়ে। এক প্ৰকাৰ শাসকৰ ধনবল,কূট কৌশল থাকিলেও এই যুঁজত ধনঞ্জয় দাসে শেষ হাঁহি মাৰিব পাৰে বুলি আশা কৰিছে আজি স্বাৰ্থহীনভাৱে ওলাই অহা সমবেত লোকে। মহিলা আই মাতৃসকলে ধনঞ্জয় দাসৰ বাবে মংগল ধ্বনি দিয়ে। আমি এইবাৰ দল নাচাও, প্ৰাৰ্থীহে চাই ভোট দিম বুলি মত প্ৰকাশ কৰে ৰাইজে।