ঝাৰখণ্ডৰ ২ জন কংগ্ৰেছ বিধায়কৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

Pc scroll.in

ঝাৰখণ্ডৰ ২ জন কংগ্ৰেছ বিধায়কৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে ঝাৰখণ্ডৰ ধোৰিত কংগ্ৰেছ বিধায়ক কুমাৰ জয়মংগল ওৰফে অনুপ সিঙৰ বাসগৃহত আয়কৰ বিভাগৰ প্ৰায় ৩০-৩৫ গৰাকী বিষয়াই অভিযান চলায়। ৰাজ্যৰ কংগ্ৰেছ বিধায়ক প্ৰদীপ যাদৱৰ চৌহদতো তালাচী চলোৱা হয়। কৰ ফাঁকিৰ অভিযোগত এই তালাচী চলোৱা বুলি জানিব পৰা গৈছে। জয়মংগলে অভিযোগ কৰে যে বিজেপিৰ হেঁচাত তালাচী চলোৱা হৈছিল।