ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে হেমন্ত চোৰেনে

ৰঙিলী বাৰ্ত্তাসেৱা- চতুৰ্থবাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে হেমন্ত ছ’ৰেনে। ৰাঁচীৰ মোৰাবাদী খেলপথাৰত ৰাজ্যপাল সন্তোষ কুমাৰ গংগৱাৰে পাঠ কৰালে শপতবাক্য। ঝাৰখণ্ডৰ চতুৰ্দশ সংখ্যক মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ চমজি ল’লে হেমন্ত সোৰেণে। এই শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে ইণ্ডিয়া গোটৰ নেতা তথা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী,NCP সভাপতি শৰদ পাৱাৰ, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী,আপৰ আহ্বায়ক অৰবিন্দ কেজৰিৱাল, সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱ, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু, উদ্ধৱ ঠাকৰে, জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফটি, তামিলনাডু-কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী, বিহাৰৰ বিৰোধী নেতা তেজস্বী যাদৱ, পাপু যাদৱ, দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া আৰু আপৰ ৰাজ্য সভাৰ সাংসদ সঞ্জয় সিঙকে ধৰি বহু ৰাজনৈতিক নেতা।৪৯ বৰ্ষীয় হেমন্ত চোৰেনে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ লগে লগে তেওঁ হৈ পৰে ঝাৰখণ্ডৰ ১৪ সংখ্যক মুখ্যমন্ত্ৰী। উল্লেখ্য যে, ৮১ খন আসনৰ ঝাৰখণ্ড বিধানসভাত ক্ষমতা দখলৰ বাবে প্ৰয়োজনীয় মেজিক নম্বৰ ৪২। সদ্য সমাপ্ত ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত এইবাৰ ঝাৰখণ্ড মুক্তি মৰ্চা  নেতৃত্বাধীন ইণ্ডিয়া গোটে ৫৬ খন আসন দখল কৰিছে। জে এম এমৰ নেতা হেমন্ত চোৰেনে বৰহাইট আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰি বিজেপিৰ প্ৰাৰ্থী গেমিয়েল হেমৰমক ৩৯,৭৯১ টা ভোটত পৰাস্ত কৰিছে। নিৰ্বাচনত এন ডি এয়ে ২৪ খন আসন লাভ কৰিছে।  ইফালে আজি মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ৰাছী চহৰৰ বিদ্যালয়সমূহ বন্ধ হৈ থাকে। হেমন্ত চোৰেনে আজি অকলেই শপতগ্ৰহণ কৰে। পৰৱৰ্তী সময়ত তেওঁ মন্ত্ৰীসভা চূড়ান্ত হোৱাৰ পাছত মন্ত্ৰী হিচাপে দায়িত্ব পোৱা বিধায়কসকলে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব।