ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে হেমন্ত ছোৰেনে

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে হেমন্ত ছোৰেনে

ৰঙিলী বাৰ্ত্তাসেৱা-  পুনৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে হেমন্ত ছোৰেনে। ঝাৰখণ্ড মুক্তি মৰ্চাৰ কাৰ্যকৰী অধ্যক্ষ হেমন্ত ছোৰেনে ৰাজভৱনৰ বীৰছা মণ্ডপতত মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে হেমন্ত ছোৰেনক শপতবাক্য পাঠ কৰোৱায় ৷ জে এম এম নেতা চম্পাই ছোৰেনে ৰাজ্যপালক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ এদিনৰ পিচত হেমন্ত ছোৰেনে তৃতীয়বাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে ৷ বুধবাৰে চম্পাই ছোৰেনে পদত্যাগ কৰাৰ কিছু সময়ৰ পিচতে হেমন্ত ছোৰেনে ৰাজ্যখনত চৰকাৰ গঠনৰ দাবী জনায় ৷ উল্লেখ্য যে ভূমি কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত ৩১ জানুৱাৰীত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল হেমন্ত ছোৰেনক ৷ অৱশ্যে ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পূৰ্বেই মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিছিল তেওঁ ৷ ইয়াৰ পিচতে জে’লযাত্ৰা কৰিছিল হেমন্ত ছোৰেনে ৷ হেমন্ত ছোৰেন কাৰাবন্দী হোৱাত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ পদত অধিস্থিত হৈছিল চম্পাই ছোৰেন ৷ প্ৰায় পাঁচমাহ কাৰাবান্দী হৈ থকাৰ পিচত উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাত ২৮ জুনত মুকলি আকাশৰ তললৈ আহে হেমন্ত ছোৰেন ৷ ইয়াৰ পিচতে 8 জুলাইত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে চম্পাই ছোৰেনে আৰু আজি পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে হেমন্ত ছোৰেনে ৷