ঝাৰখণ্ডৰ নিৰ্বাচনত ড° শৰ্মাৰ বিৰুদ্ধে শীর্ষ আৰক্ষী বিষয়াই কৰিছিল ষড়যন্ত্রঃবাবুলাল মাৰাণ্ডী

ঝাৰখণ্ডৰ নিৰ্বাচনত ড° শৰ্মাৰ বিৰুদ্ধে শীর্ষ আৰক্ষী বিষয়াই কৰিছিল ষড়যন্ত্রঃবাবুলাল মাৰাণ্ডী

ৰঙিলী বাৰ্ত্তাসেৱা- ঝাৰখণ্ডৰ নিৰ্বাচনৰ সময়ত ৰাজ্যৰ লগতে দেশৰ ৰাজনীতিত যথেষ্ট চৰ্চিত নেতাৰূপে পৰিচিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক হানী ট্রেপিঙত ফচাব বিচৰা হৈছিল। কিন্তু মুখ্যমন্ত্রী ড° শৰ্মাই নিজৰ বিচক্ষণতাৰ বাবে এই ষড়যন্ত্ৰৰ পৰা ৰক্ষা পৰিছিল। মুখ্যমন্ত্রী ড° শৰ্মাৰ বিৰুদ্ধে ৰচনা কৰা এই গভীৰ ষড়যন্ত্ৰৰ কথা শেহতীয়াকৈ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্রী বাবুলাল মাৰাণ্ডীয়ে ফাদিল কৰিছে। সামাজিক মাধ্যম এক্স হেণ্ডেলযোগে বাবুলাল মাৰাণ্ডীয়ে এই বিস্ফোৰক তথ্য প্ৰকাশ কৰি কয় যে ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সময়ত ঝাৰখণ্ডৰ এজন শীর্ষ আৰক্ষী বিষয়াই অসমৰ মুখ্যমন্ত্রী ড° শৰ্মাক এক ষড়যন্ত্ৰৰে ফচাবলৈ চেষ্টা কৰিছিল। যাৰ বাবে দুবাৰকৈ ধনসহ দিল্লী আৰু গুৱাহাটীলৈ মানুহ পঠিয়াইছিল। ইয়াৰ সকলো তথ্য-প্রমাণসহ অচিৰেই ৰাজহুৱা কৰা হ’ব। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনলৈ প্রশ্ন তুলি বাবুলাল মাৰাণ্ডীয়ে ইয়াকো উল্লেখ কৰিছে যে এই সকলো নীচ ঘটনা আপোনাৰ জ্ঞাতে হৈছিল নে আপোনাৰ অজ্ঞাতে হৈছিল এই কথাবোৰো ৰাজহুৱা হোৱা উচিত। তেওঁ লগতে কয়, ‘হেমন্তজী- আপুনি নাভাবেনে যে যিজন বিষয়াই পদ আৰু ধনৰ লোভত দেশৰ উচ্চ পদবীত থকা এজন ব্যক্তিৰ বিৰুদ্ধে ইমান নীচ কাম-ষড়যন্ত্ৰ কৰিবলৈ সাহস কৰিব পাৰে, তেওঁ আপোনাৰ লগতো বেয়া সময় আহিলে নিজৰ লাভৰ বাবে ইমান নিম্ন আৰু লেতেৰা কাম নকৰিবনে? আপোনাক ক’ব বিচাৰোঁ যে এসময়ত আপোনাৰ কাৰ্যকলাপৰ সকলো তথ্য লিখিত আকাৰত এই মানুহবোৰে প্ৰেৰণ কৰিছিল। আপোনাৰ নিজৰ তদন্তকাৰী সংস্থাৰ জৰিয়তে এই বিষয়টো বিস্তৃতভাৱে অনুসন্ধান কৰক। ইয়াৰ উপৰি যদি অধিক তথ্যৰ অভাৱ হয়, তেন্তে ব্যক্তিগতভাৱে মোৰ লগত সম্পৰ্ক কৰিলে এই সকলো তথ্য লাভকৰিব। এই তথ্যৰ পৰা আপুনি আঁৰত থকা ষড়যন্ত্রকাৰীসকলক চিনাক্ত কৰিবলৈ সুবিধা পাব।’  উল্লেখ্য যে ঝাৰখণ্ডৰ নিৰ্বাচনৰ সময়ত দুগৰাকী মহিলাক মুখ্যমন্ত্রী ড° শৰ্মাৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল। গুৱাহাটীলৈ অহা এই দুগৰাকী মহিলাৰ ভিতৰত এগৰাকী অসমৰ মহিলাও আছিল। মুখ্যমন্ত্রী ড° শৰ্মাৰ সৈতে ৰহস্যজনকভাবে কথা পাতিছিল দুই মহিলাই। সন্দেহ ওপজাত মহিলা দুগৰাকীক বিদায় দিছিল মুখ্যমন্ত্রী ড° শৰ্মাই। বাবুলাল মাৰাণ্ডীয়ে সামাজিক মাধ্যমযোগে এই বিস্ফোৰক তথ্য প্রকাশ কৰাৰ পাছতে মুখ্যমন্ত্রী ড° শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়- ঝাৰখণ্ডৰ নিৰ্বাচনৰ সময়ত দুগৰাকী মহিলাক মোৰ কার্যালয়লৈ পঠিওৱা হৈছিল আৰু মোৰ লগত তেওঁলোকে অলপ বেলেগ ধৰণে কথা পতাৰ চেষ্টা কৰিছিল। তেতিয়া মোৰ অলপ সন্দেহ হোৱাত তেওঁলোকক যিধৰণে বিদায় দিব লাগে সেই ধৰণে বিদায় দিয়া হৈছিল। সকলো লোকৰ সৈতে মই সাধাৰণভাৱে কথা পতাৰ দৰে তেওঁলোকৰ সৈতেও কথা পাতিছিলোঁ। কিন্তু তেওঁলোকৰ উদ্দেশ্য কি আছিল গম পোৱা নাছিলোঁ। বাবুলাল মাৰাণ্ডীৰ সৈতে এই বিষয়ে কথা পাতিলে সমগ্ৰ বিষয়টো ভালদৰে গম পোৱা যাব।