ঝাৰখণ্ডৰ আইএএছ বিষয়া  পূজা সিংহলৰ বাসগৃহত ইডিৰ অভিযান  

PC-News Jani

ঝাৰখণ্ডৰ আইএএছ বিষয়া  পূজা সিংহলৰ বাসগৃহত ইডিৰ অভিযান  

ৰঙিলী বাৰ্ত্তাসেৱা –  এনফ’চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডিয়ে ঝাৰখণ্ডৰ অবৈধ খনি গোচৰ সন্দৰ্ভত দেশৰ কেইবাটাও স্থানত  অভিযান চলায়  ।ঝাৰখণ্ডৰ আই এ এছ বিষয়া পূজা সিংহলৰ নতুন দিল্লী, মুম্বাই, জয়পুৰ, ফৰিদাবাদ, ৰাঁঁচী আদিকে ধৰি বিভিন্ন স্থানত থকা বেনামী সম্পত্তিত ইডিয়ে  অভিযান চলায় ।আই এ এছ বিষয়া পূজা সিংহলৰ ৰাঁচীস্থিত চার্টার্ড একাউন্টেন্টে (চিএ)ৰ বাসগৃহত অভিযান চলোৱাৰ সময়ত ইডিয়ে নগদ ২৫ কোটি টকা উদ্ধাৰ কৰাৰ লগতে অনেক আপত্তিজনকতথ্য জব্দ কৰিছে। অবৈধ খনি গোচৰত জড়িত আই এ এছ বিষয়াগৰাকীৰ সম্পর্কিত সন্দেহজনক ব্যক্তিৰ| অনেক সম্পত্তিৰ ওপৰতে ইডিয়ে অভিযান চলায়। ৰাঁচীস্থিতি পালছ হাস্পতালতো ইডিয়ে অভিযান চলায় ইডিয়ে ৰাঁচীৰ ছয়টা স্থানত অভিযান চলায়। ইয়াৰ ভিতৰত আই এ এছ পূজা সিংহলৰদ্বিতীয় স্বামীৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালতো অভিযান চলাইছে। উল্লেখ্য যে ২০২০ চনত অবৈধ খনিগোচৰ সন্দৰ্ভত পি এম এল এৰ অধীনত ইডিয়ে গোচৰ ৰুজু কৰে। ঝাৰখণ্ডৰ কনিষ্ঠ অভিযন্তা ৰাম বিনোদ প্ৰসাদ সিন্‌হাক ২০২০ চনৰ ১৭ জুনত পশ্চিমবংগৰ ২৪ পরগনা জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। এই গ্ৰেপ্তাৰৰ পাছতে ইডিয়ে গোচৰটোৰ তদস্ত ক্ষিপ্রতৰ কৰি তোলে।