ঝংকাৰ তোলে শব্দৰ ছন্দে – যমুনা দুলু

ঝংকাৰ তোলে শব্দৰ ছন্দে

যমুনা দুলু বৈশ্য

 

আহ!
কিমান যে হালধীয়া সোণাৰু
মোহময়ী প্ৰণয়ৰ খেলা
মোৰ গোপন হিয়াত তোমাৰ
পৰশ লাগি তোলে ঝংকাৰ
মুক্ত মনেৰে উৰি যায় পিয়াসী হৈ
নীল আকাশত বুকু ভৰাই ।
শব্দৰ ছন্দেৰে অনুভৱ বোৰে
মন আকাশত ভাললগা চিত্ৰকল্প আকাৰত
অনন্য দৃষ্টিৰে পায় প্ৰশান্তি ,
আবেলিৰ ৰঙে ৰঙাই তুলেহি
সৌন্দৰ্যৰে এপলক শব্দৰ হেঁপাহত
বিচাৰি পায় উদং বুকুত
মৰম , ভালপোৱাৰ স্নেহৰ খোজ ,
এজাক বতাহৰ স্পৰ্শে হেৰুৱা বোৰ
শান্তিৰ নিজৰাৰে হেঁপাহ জগাই
দিয়ে বিলাই শ্যামলী কোলাতে
ফুলৰ সুৰভিতে প্ৰাণ উপচাই
পাহাৰে ভৈয়ামে ফুলামৰ আসন পাতে উল্লাহৰ ।