জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এবিভিপিৰ ঐতিহাসিক জয়

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এবিভিপিৰ ঐতিহাসিক জয়
বাওঁপন্থী চিন্তাধাৰাৰ বিপৰীতে ৰাষ্ট্ৰীয়তাবাদী বিচাৰধাৰাক সমৰ্থন ছাত্ৰ সমাজৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বাওঁপন্থী চিন্তাধাৰাৰ অভেদ্য দূৰ্গ বুলি সততে চিহ্নিত হৈ অহা দেশৰ আগশাৰীৰ বিশ্ববিদ্যালয় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ চমকপ্ৰদ প্ৰদৰ্শন ঐতিহাসিক। সুদীৰ্ঘ এটা দশকৰ অন্তত বিশ্ববিদ্যালয় খনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে সহকাৰী সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদত জয়ী হোৱাৰ লগতে ৪২ টা কাউন্সিলাৰ পদৰ ভিতৰত ২৩ টা পদতেই জয় লাভ কৰিবলৈ সক্ষম হয়।আধাতকৈও অধিক কাউন্সিলাৰ পদত এবিভিপিৰ বিজয় আৰু সহকাৰী সাধাৰণ সম্পাদক পদত বিদ্যাৰ্থী পৰিষদৰ প্ৰাৰ্থীৰ বিজয়ে বিশ্ববিদ্যালয় খনত ৰাষ্ট্ৰীয়তাবাদী চিন্তা ধাৰাৰ বিজয়ক প্ৰতিনিধিত্ব কৰে। বিদ্যাৰ্থী পৰিষদৰ বিজয়ৰ লগে লগে ৰাজধানী চহৰৰ মাজ-মজিয়াত অৱস্থিত বিশ্ববিদ্যালয় খনৰ কেম্পাচত ভাৰত মাতা কী জয় ধ্বনি গুঞ্জৰিত হয়। এই জয় বিশ্ববিদ্যালয় খনত ৰাষ্ট্ৰ প্ৰেমৰ ভাৱৰ জয়, ৰাষ্ট্ৰীয়তাবাদৰ জয়, ভাৰত মাতাৰ জয়।অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশৰ তৰফৰ পৰাও জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বিজয়ী হোৱা ৰাষ্ট্ৰ প্ৰেমৰ ধ্বজাবাহী বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা সকলক অশেষ অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিলোঁ।