জৰ্ডান, ইথিওপিয়া আৰু ওমানলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰৰ পৰা ত্ৰিদেশীয় ভ্ৰমণ আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সোমবাৰে পুৱাৰ ভাগত তেওঁ এই তিনি দেশৰ ভ্ৰমণসূচীৰে দিল্লীৰ পৰা উৰা মাৰে। তেওঁ ৰজা দ্বিতীয় আব্দুল্লাহ ইবন এ আল হুছেইনৰ আমন্ত্রণ ক্রমে জর্ডান ভ্রমণলৈ গৈছে। জৰ্ডানৰ প্ৰধানমন্ত্ৰী জাফৰ হাছানে ৰজা দ্বিতীয় আব্দুল্লা ইবন আল হুছেইনৰ আমন্ত্ৰণত দুদিনীয়া ভ্ৰমণসূচীৰে দেশখনত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক বিমানবন্দৰত আদৰণি জনায় । জৰ্ডানৰ এখন হোটেলত উপস্থিত হোৱাৰ লগে লগে ভাৰতীয় প্ৰবাসী সদস্যসকলে উষ্ম আদৰণি জনায় প্ৰধানমন্ত্ৰী মোদীক। ভাৰতীয় সমাজৰ সদস্যসকলে প্ৰধানমন্ত্ৰীক সম্ভাষণ জনাবলৈ সমবেত হয়, তেওঁৰ বিদেশ ভ্ৰমণক কেন্দ্ৰ কৰি জনসাধাৰণৰ মাজত থকা শক্তিশালী সম্পৰ্ক আৰু উৎসাহৰ ভাৱৰ ওপৰত আলোকপাত কৰে।উল্লেখ্য যে বৰ্তমান বছৰটো ভাৰত-জর্ডান কূটনৈতিক সম্পৰ্কৰ ৭৫সংখ্যক বর্ষ। এনে এটা সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এই ভ্রমণ নিঃসন্দেহে বর্ধিত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। উভয় দেশৰ মাজত শান্তি, নিৰাপত্তা, আঞ্চলিক স্থিতিশীলতা সম্বন্ধীয় আলোচনা অনুষ্ঠিত হোৱাৰ কথা। ভ্রমণ আৰম্ভ কৰাৰ পূৰ্বে প্রধানমন্ত্রীয়ে কয়- ‘আমি তিনিখন দেশ ক্রমে জর্ডান, ইথিঅ’পিয়া, ফেডাৰেল ডেমক্রেটিক ৰিপাব্লিক আৰু ওমান ভ্রমণলৈ যাম। এই তিনিখন দেশৰ সৈতে ভাৰতৰ বহু প্রাচীন সভ্যতাগত সম্পৰ্ক আছে। তাৰ লগতে বিস্তৃত সমসাময়িক দ্বি-পাক্ষিক সম্পর্কও আছে। ‘ জর্ডান ভ্রমণ সামৰি ১৬ ডিচেম্বৰত তেওঁ আফ্ৰিকাৰ দেশ ইথিঅ’পিয়ালৈ যাব। প্রধানমন্ত্রীয়ে এইবাৰ প্ৰথমবাৰৰ বাবে ইথিঅ’পিয়ালৈ যাব। তাত দেশখনৰ প্রধানমন্ত্রী আবি আহমেদ আলীৰ সৈতে জৰুৰী বৈঠকত মিলিত হ’ব প্রধানমন্ত্রী মোদী। অৱশেষত ১৭ ডিচেম্বৰত আৰবৰ ওমানলৈ যাব প্রধানমন্ত্রী মোদী। উল্লেখ্য যে চলিত বছৰটো ভাৰত-ওমান সম্পৰ্কৰ ৭০ বছৰ। দীর্ঘদিন ধৰি দুয়োখন দেশে বাণিজ্যিক, সাংস্কৃতিক সম্পৰ্কৰে অংগাংগীভাৱে জড়িত হৈ আছে। প্রধানমন্ত্রী মোদী আৰু ওমানৰ চুলতানৰ মাজত শক্তি, কৃষি, প্ৰতিৰক্ষা, প্রযুক্তিসহ একাধিক বিষয়ত পাৰস্পৰিক সহযোগিতাক লৈ আলোচনা কৰাৰ সম্ভাৱনা আছে।
