জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ শ্বিলঙত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদ মেল
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় বিদেশ আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শ্বিলঙত এখন সংবাদমেলত অংশ লৈ কংগ্ৰেছ চৰকাৰে আৰোপ কৰা ‘জৰুৰীকালীন অৱস্থা’ৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ প্ৰসংগত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।১৯৭৫ চনৰ ২৫ জুনত আৰোপ কৰা জৰুৰীকালীন অৱস্থাক স্বাধীন ভাৰতৰ ইতিহাসৰ আটাইতকৈ অন্ধকাৰ যুগ হিচাপে অভিহিত কৰি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই উল্লেখ কৰে যে, সেই সময়ত যুদ্ধ, বিদ্ৰোহ বা ৰাষ্ট্ৰীয় সংকটৰ বাবে নহয়, ব্যক্তিগত আৰু ৰাজনৈতিক হতাশাৰ ফলস্বৰূপে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থা ঘোষণা কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে, ২১ মাহৰ সেই সময়ছোৱাত গণতন্ত্ৰৰ সকলো স্তম্ভ — কাৰ্যপালিকা, ন্যায়পালিকা, বিধানপালিকা আৰু সংবাদ মাধ্যমে কেৱল এগৰাকী ব্যক্তিক শিৰনত কৰিবলগীয়া হৈছিল। এটা ৰাতিৰ ভিতৰতে সংবিধানক উপেক্ষা কৰা হৈছিল, সংবাদ মাধ্যমক চুপ কৰোৱা হৈছিল, সংবাদ মাধ্যমৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হৈছিল, সম্পাদকসকলক কাৰাগাৰত পঠোৱা হৈছিল আৰু বিৰোধিতা কৰাক অপৰাধ হিচাপে গণ্য কৰা হৈছিল। সেই সময়চোৱাত মিছা(MISA) আইনৰ অধীনত ১ লাখৰো অধিক নাগৰিক, যুৱক, সংবাদকৰ্মী, ট্রেড ইউনিয়ন নেতা আৰু ৰাজনৈতিক নেতাসকলক অমানৱীয় অৱস্থাত আটক কৰা হৈছিল। আটক হোৱা ব্যক্তিসকলৰ ভিতৰত জয়প্ৰকাশ নাৰায়ণ, অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, মুৰলী মনোহৰ যোশী আৰু ৰাজনাথ সিঙৰ দৰে জ্যেষ্ঠ নেতাসকলো আছিল। “Indira is India and India is Indira ” — এই ধৰণৰ শ্লোগানত তেতিয়াৰ সময়ছোৱাত থকা ব্যক্তি-পূজা আৰু বংশানুক্ৰমিক ৰাজনীতিৰ প্ৰতিফলন হৈছিল, যাৰ প্ৰভাৱ আজিও দেখিবলৈ পোৱা যায়।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ উল্লেখ কৰে যে, ইতিমধ্যে উপেক্ষিত হৈ থকা উত্তৰ-পূব ভাৰতক জৰুৰীকালীন সময়ত অধিক উপেক্ষা কৰা হৈছিল। সংবাদ মাধ্যমৰ চেন্সৰশ্বিপৰ ফলত যোগাযোগ বন্ধ হৈ পৰিছিল, আৰু ২৬ জুনৰ পূৰ্বে উত্তৰ পূৰ্বাঞ্চলৰ বহু জ্যেষ্ঠ নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ ফলত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ অন্য অংশৰ পৰা বিচ্ছিন্ন হৈ পৰে। এই নিষ্ঠুৰতাৰ এটি স্পষ্ট উদাহৰণ আছিল মেঘালয়ৰ প্ৰয়াত অধ্যাপক মাৰ্টিন নাৰায়ণ মাজাও, তেতিয়াৰ এগৰাকী বিধায়ক, যাক ১৩ মাহতকৈও অধিক সময় কাৰাগাৰত ৰখা হৈছিল আৰু তেওঁৰ মাতৃৰ মৃত্যুৰ পূৰ্বে তেওঁৰ সৈতে দেখা কৰাৰ সুযোগো দিয়া হোৱা নাছিল। সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই পুনৰ কয় যে শ্বাহ কমিশ্যনে জৰুৰীকালীন অৱস্থাৰ বাবে কোনো সংবিধানিক যুক্তি নোপোৱা বুলি মত প্ৰকাশ কৰিছিল, তথাপিও ১৯৮০ চনত ক্ষমতালৈ উভতি অহাৰ পাছত কংগ্ৰেছে সেই প্ৰতিবেদনটো জনচক্ষুত অনা নাছিল। তদুপৰি, শ্ৰদ্ধেয় ন্যায়াধীশ এইচ. আৰ. খান্নাক সেই সময়ত ভাৰতৰ জ্যেষ্ঠতম ন্যায়াধীশ হোৱাৰ পিছতো তেখেতে সত্যৰ পক্ষে থিয় হোৱাৰ বাবে আৰু এ. ডি. এম. জবলপুৰ কেছত চৰকাৰৰ বিৰুদ্ধে ৰায় দিছিল বাবেই মুখ্য ন্যায়াধীশৰ পদৰ পৰা বঞ্চিত কৰা হৈছিল। কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাই পুনৰ কয় যে, জৰুৰীকালীন সময়ত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লাখ লাখ কার্যকৰ্তাই স্বেচ্ছাচাৰৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, প্ৰাণৰ ভাবুকি লৈও গণতন্ত্ৰ ৰক্ষা কৰিছিল। তেওঁলোকে গোপনভাৱে সজাগতা বৃদ্ধি কৰিছিল, পুস্তিকা বিতৰণ কৰিছিল আৰু দমন, উৎপীড়নৰ সন্মুখীন হোৱাৰ পাছতো গণতান্ত্ৰিক মূল্যবোধ ৰক্ষা কৰিবলৈ দৃঢ়ভাৱে থিয় দিছিল। সেই সময়ৰ সংগ্রামে আজিৰ গণতান্ত্ৰিক মূল্যবোধৰ আধাৰ গঢ়ি তুলিছিল।তেখেতে পুনৰ উল্লেখ কৰে যে, কংগ্ৰেছে ইউ. পি. এ. শাসনকালত (২০০৪-২০১৪) সংবাদ মাধ্যমৰ ওপৰত চাপ সৃষ্টি কৰি আৰু প্ৰতিষ্ঠানসমূহৰ অপব্যৱহাৰ কৰি প্ৰতিবাদী কন্ঠ দমন কৰাৰ মনোভাব অব্যাহত ৰাখিছিল। লগতে, surgical strike, air strike আৰু Operation Sindoorক লৈ কংগ্ৰেছে পুনৰ প্ৰমাণ বিচাৰি সেনাৰ সাহসক অপমান কৰিছিল আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ ওপৰত ৰাজনীতিক অগ্ৰাধিকাৰ দিছিল।তেখেতে পুনৰ কয় যে, আজিৰ দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত গণতান্ত্ৰিক শক্তি, সংবিধানিক অখণ্ডতা আৰু ৰাষ্ট্ৰীয় একতাৰ সৈতে আগবাঢ়ি আছে। কিন্তু কংগ্ৰেছৰ মনোভাৱ আজিও ১৯৭৫ চনতেই ৰুদ্ধ হৈ আছে, য’ত নাগৰিকৰ অধিকাৰ আৰু গণতন্ত্ৰৰ প্ৰতি অশ্ৰদ্ধা বিদ্যমান।উল্লেখ্য যে এই সংবাদমেলৰ অংশ হিচাপে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই দক্ষিণ শ্বিলঙত এক বৃক্ষৰোপণ কাৰ্যসূচীয়ো ৰূপায়ণ কৰে। এই কাৰ্যসূচীত বিজেপি, মেঘালয়ৰ ৰাজ্যিক সভাপতি ৰিকমেন মমিনো উপস্থিত আছিল।