জৰাটত ১২৭৫ কোটি মূল্যৰ স্বাস্থ্যসেৱাৰ সুবিধাৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ আহমেদাবাদত প্ৰায় ১,২৭৫ কোটি টকাৰ স্বাস্থ্যসেৱা সুবিধাৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে গুজৰাট কৰ্কট আৰু গৱেষণা প্ৰতিষ্ঠানৰ বাবে নতুন ভৱনৰ উপৰিও, উন্নত হাড়ৰ মজ্জা সংৰোপণৰ দৰে সুবিধা আৰম্ভ হৈছে। তেওঁ লগতে কয়, “এইখন দেশৰ প্ৰথমখন চৰকাৰী চিকিৎসালয় হ’ব যিয়ে চাইবাৰনাইফৰ দৰে আধুনিক সুবিধা আগবঢ়াব।”